চাঞ্চল্যকৰ! অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৱাৰ্ডৰ পৰা সন্ধানহীন ৰোগী…

নিউজ ডেস্কঃ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৱাৰ্ডৰ পৰা সন্ধানহীন এজন ৰোগী।

হাস্পতালৰ পৰা ৰোগী সন্ধানহীন হোৱাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

মঙলবাৰৰ পৰা হাস্পতালখনৰ পৰা সন্ধানহীন হৈ আছে বিমান হাজৰিকা নামৰ ৰোগীজন।

জানিব পৰা মতে, যোৱা ২৪ ডিচেম্বৰত হাস্পতালখনত ভৰ্তি হৈছিল মৰাণৰ নিৱাসী বিমান হাজৰিকা।

খাদ্যনলীৰ ৰোগৰ বাবে ৰোগীজনক হাস্পতালত ভৰ্তি কৰিছিল তেওঁৰ পত্নীয়ে।

কিন্তু মঙলবাৰে পত্নীয়ে ৰোগীজনৰ ৰিপ’ৰ্ট আনিবলৈ ৱাৰ্ডৰ পৰা ওলাই যোৱাৰ পিছতে সন্ধানহীন হৈ পৰে বিমান হাজৰিকা।

হাস্পতালখনৰ চৌদিশে বিচাৰ খোচাৰ কৰিও ব্যক্তিজনৰ কোনো সন্ধান লাভ নকৰাত হাস্পতাল কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰে পত্নীয়ে।

ইফালে ৰোগীজনৰ সন্ধানহীন সন্দৰ্ভত আৰক্ষীকো অৱগত কৰা হৈছে।