fbpx
অসম

চাঞ্চল্যকৰ! অসমক সমৰ্থন কৰাৰ বাবেই গাঁওবাসীৰ সৈতে মিলি পুত্ৰ-কন্যাই খেদিলে জন্মদাত্ৰী মাতৃক

এক চাঞ্চল্যকৰ ঘটনা।

অসমক সমৰ্থন কৰাৰ বাবেই গাঁওবাসীৰ সৈতে মিলি পুত্ৰ-কন্যাই খেদিলে জন্মদাত্ৰী মাতৃক।

অসম-মেঘালয় সীমান্তৰ বকোৰ গাৰোজানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

অসমক সমৰ্থন কৰাৰ অপৰাধত গাঁৱৰ পৰা খেদি পঠিওৱা হ’ল মাতৃ আশা মাৰাক(৫২)ক লগতে ভাতৃ আৰু ভাই বোৱাৰীক।

অৱশেষত গাঁওবাসীৰ ভয়ত দৌৰি-দৌৰি আশা মাৰাকে ভাতৃ আৰু ভাই বোৱাৰীৰ সৈতে আত্মগোপন কৰিছে নামপথাৰৰ এটি পৰিয়ালৰ।

উল্লেখ্য যে, দুই পুত্ৰ আৰু দুই কন্যাৰ মাতৃ আশা মাৰাক। জেষ্ঠ পুত্ৰ আৰু দুই কন্যা জড়িত মেঘালয়ৰ সমৰ্থনকাৰী সকলৰ সৈতে। গাৰোজানৰ ৯৬টা গাৰো পৰিয়ালৰ ১৪টা পৰিয়াল অসমক সমৰ্থন কৰে। আনহাতে ৮২টা পৰিয়াল মেঘালয়ৰ সমৰ্থনত আছে।

আশা মাৰাক অসমৰ সমৰ্থনত থকা বাবে মেঘালয়ৰ সমৰ্থনকাৰীয়ে নিশা গাঁওখনৰ পৰা বহিষ্কাৰ কৰে।

ইপিনে ঘটনা সন্দৰ্ভত অৱগত কৰা বাবে মহিলা গৰাকীয়ে ভাতৃ আৰু বোৱাৰীৰ সৈতে বকো আৰক্ষী থানাত গৈ থকা মুহূৰ্ত্তত পুত্ৰ, জীয়ৰি আৰু গাঁওবাসীয়ে কাটিবলৈ খেদি আহে বুলি আশা মাৰাকে অভিযোগ উত্থাপন কৰিছে।

বৰ্তমান নামপথাৰৰ ভবেন ৰাভাৰ ঘৰত আত্মগোপন কৰি আছে আশা মাৰাকসহ ভাতৃ আৰু ভাই বোৱাৰী।

চাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰ মতে গাৰোজান অসমৰ গাঁও হিচাপে চিহ্নিত। ঐতিহাসিক সীমা সমস্যা সমাধান মতেও গাৰোজান অসমৰ ভূ-খণ্ডত।

তাৰপিছতো গাৰোজানৰ একাংশই চামিল হব বিচাৰে মেঘালয়ত। ইয়াকে লৈ সীমান্তৱৰ্তী গাৰোজানত বিবাদ তুংগত।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!