চাঞ্চল্যকৰ! অন্য যুৱতীৰ সৈতে পৰকীয়া প্ৰেম প্ৰযোজক স্বামীৰ, হাতে-লোটে ধৰা পেলোৱাত গাড়ীৰে মহতিয়াই হত্যাৰ চেষ্টা পত্নীক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ গাড়ীৰ ভিতৰত যুৱতীৰ সৈতে প্ৰেমত মচগুল হৈ থকা স্বামীক হাতে লোটে ধৰা পেলোৱাৰ পিছতে পত্নীক গাড়ীৰে পিষ্ট কৰি হত্যা কৰাৰ চেষ্টা চলালে এজন প্ৰযোজকে।

এই লোমহৰ্ষক কাণ্ড সংঘটিত হৈছে মুম্বাইৰ পশ্চিম আন্ধেৰীত।

ইতিমধ্যে কমল কিশোৰ মিশ্ৰ নামৰ ছবি প্ৰযোজকজনে নিজ পত্নীক গাড়ীৰে মহতিয়াই হত্যা কৰাৰ চেষ্টা চলোৱাৰ দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

আনহাতে প্ৰযোজক স্বামীৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভূগী মহিলাগৰাকীয়েও।

ভাইৰেল হোৱা চিচিটিভি ফুটেজত দেখা গৈছে এখন বগা ৰঙৰ গাড়ী। গাড়ীখনৰ সন্মুখত এগৰাকী মহিলাই থিয় হৈ গাড়ীৰ ভিতৰত থকা ব্যক্তিজনক কিবা ক’ব খোজা যেন পৰিলক্ষিত হৈছে।

কিন্তু চালকে মহিলাগৰাকীৰ কথা নুশুনি তেওঁক খুন্দিয়াই পাৰ হৈ যোৱাৰ চেষ্টা কৰে। যাৰ ফলত চকাৰ তলত সোমাই পৰে মহিলাগৰাকী।

লগে লগে এগৰাকী চিকিউৰিটি গাৰ্ড উপস্থিত মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও চালকজনে গাড়ীসহ সেই স্থান ত্যাগ কৰে।

এই ভয়ংকৰ দৃশ্যই এতিয়া সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, মহিলাগৰাকী হৈছে প্ৰযোজক কমল কিশোৰ মিশ্ৰৰ পত্নী। প্ৰযোজক স্বামীৰ সৈতে মুম্বাইৰ পশ্চিম আন্ধেৰীত বাস কৰে তেওঁ।

শেহতীয়াকৈ প্ৰযোজকজনৰ আন এগৰাকী যুৱতীৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পায়। যাৰ ফলত পতি-পত্নীৰ মাজত সংঘাত বৃদ্ধি পাবলৈ ধৰে।

১৯ অক্টোবৰত মহিলাগৰাকীয়ে স্বামীৰ পিছা কৰি পাৰ্কিং লটত গাড়ীৰ ভিতৰত আন এগৰাকী যুৱতীৰ সৈতে হাতে-লোটে ধৰা পেলায়।

তাৰ পিছতে গাড়ীৰে মহতিয়াই পত্নীক হত্যাৰ চেষ্টা চলায় প্ৰযোজক কমল কিশোৰ মিশ্ৰই।

মহিলাগৰাকীয়ে ইতিমধ্যে প্ৰযোজক স্বামীৰ বিৰুদ্ধে আম্বালি থানাত এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে যদিও এতিয়ালৈকে অভিযুক্ত প্ৰযোজকজনক আটক কৰা নাই।