অসম

চাঞ্চল্যকৰ! অচিনাকী দুৰ্বৃত্তই হানি খুচি হত্যা কৰিলে বিজেপিৰ ৱাৰ্ড সদস্য জানমণি বৰাক…

এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

অচিনাকী দুৰ্বৃত্তই হানি খুচি হত্যা কৰিলে এগৰাকী বিজেপিৰ ৱাৰ্ড সদস্যক।

বিশ্বনাথ জিলাৰ তেজপুৰৰ ইটাখোলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ইটখোলা আৰক্ষী চকীৰ অন্তৰ্গত দুই নং ইটাখোলাৰ শান্তিপুৰ গাঁৱৰ এটা পুখুৰীত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থা উদ্ধাৰ হয় ৱাৰ্ড সদস্যগৰাকীৰ মৃতদেহ।

মৃত যুৱকজন চতিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত উত্তৰ নাগশংকৰ পঞ্চায়তৰ ২নং ৱাৰ্ডৰ মেম্বাৰ জানমণি বৰা।

যুৱকজনৰ মৃতদেহ পুখুৰীত প্ৰত্যক্ষ কৰি স্থানীয় লোকৰ মাজত হুৱা-দুৱা লাগে ৷ লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত জানমনিৰ ঘৰৰ লগতে আৰক্ষীক অৱগত কৰে।

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ইটাখোলা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

ইফালে নিশাই বিধায়ক পদ্ম হাজৰিকা ঘটনাস্থলীত উপস্থিত হৈ তদন্তৰ বুজ লোৱাৰ লগতে হত্যাকাৰীক কঠোৰ শাস্তি বিহা হ’ব বুলি মন্তব্য কৰে।

বিধায়কজনে কয়, ‘হত্যাকাৰী সাৰি যাব নোৱাৰিব৷ হত্যাকাৰী অতি সোনকালেই কৰায়ক্ত হ’ব।’

Related Articles

Back to top button