চাকৰিৰ বিনিময়ত কিডনী! এপিডিচিএলৰ মহা-প্ৰৱন্ধকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ…

APDCLৰ নিযুক্তি কেলেংকাৰীৰ নামত ভয়ংকৰ কাণ্ড।

এইবাৰ টকাৰ প্ৰলোভন নহয়, চাকৰিৰ প্ৰলোভনৰে বৃক্ক কাঢ়িলে এজন অসমীয়া যুৱকৰ।

এটা নিম্নবৰ্গৰ চাকৰিৰ বাবে কিডনী দান কৰি বিপদত পৰিছে নগাঁৱৰ এজন যুৱক।

এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ মুখ্য মহা প্ৰৱন্ধকৰ বিৰুদ্ধে৷

অভিযোগ অনুসৰি এপিডিচিএলত চাকৰি দিয়াৰ প্ৰলোভনৰে নগাঁৱৰ হীৰুমণি শইকীয়া নামৰ যুৱকজনৰ পৰা বৃক্ক আদায় কৰিছিল এপিডিচিএলৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাই৷

বিগত ৩১ ডিচেম্বৰত গুৱাহাটীৰ এপ’ল’ হাস্পতালত বৃক্কদান কৰিছিল হীৰুমণিয়ে।

বৃক্কদান কৰাৰ পাছৰেপৰাই হীৰুমণিৰ লগত কোনো যোগাযোগ কৰা নাই কৰবী বৰা ডেকাই৷

তাৰপাছতেই কৰবী বৰা আৰু তেওঁৰ স্বামী দীক্তাক বৰাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে হীৰুমণিয়ে।

হীৰুমণিয়ে সংবাদ মাধ্যমক আক্ষেপেৰে কয়, ‘এটা নিম্নবৰ্গৰ চৰকাৰী চাকৰি আৰু এটুকুৰা মাটিৰ বিনিময়ত মই বৃক্ক দান কৰাৰ কথা কৰবী বাইদেউক কৈছিলো। বাইদেউে মোৰ প্ৰস্তাৱ মানি মোক বৃক্ক দান দিবলৈ কৈছিল। কিন্তু বৃক্ক সংৰোপনৰ পিছৰে পৰা তেওঁলোকে মোৰ লগত যোগাযোগ বিচ্ছিন্ন কৰিলে।

মঙলবাৰে নগাঁও প্ৰেছ ক্লাবত উপস্থিত হৈ হীৰুমণিয়ে এপিডিচিএলৰ উচ্চপদস্থ বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে।

এই ঘটনাই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Leave a Comment