চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২২ অক্টোবৰ, শনিবাৰ

মেষ ৰাশি- আজি দীৰ্ঘম্যাদী লাভৰ বাবে ষ্টক আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰাটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব পাৰে। ৰাজনৈতিক সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। পৰীক্ষা-প্ৰতিযোগিতামূলক পৰীক্ষাত আশানুৰূপ সফলতা লাভ নকৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব।

বৃষ ৰাশি- পৰিয়ালত সদ্ভাৱ থাকিব। কোনো এজন আত্মীয়ৰ সহযোগত আজি এক কঠিন কাম সম্ভৱ হৈ উঠিব পাৰে। বিত্তীয় পৰিস্থিতি অনুকুল হ’ব। দূৰলৈ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। অৱশ্যে ব্যৱসায়িক কাৰণত কৰা ভ্ৰমণ সিমান লাভজনক নহ’বও পাৰে। বস্ত্ৰ আদি উপহাৰ হিচাপে লাভ কৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- চাকৰিয়াল সকলে পদোন্নতি সুযোগ লাভ কৰিব পাৰে। কিন্তু আপোনাৰ আচৰণে আজি হাততে পোৱা সুযোগ হেৰুওৱাৰ কাৰণ হৈ উঠিব পাৰে। সকলোৰে সৈতে সদ্ভাৱ বৰ্তাই ৰাখক। ব্যৱসায়গত কাৰণত লোৱা সিদ্ধান্তই আপোনাক উদ্বিগ্ন কৰিব পাৰে। কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰে। পত্নীৰ শাৰীৰিক অসুস্থতাই মনোকষ্ট দিব।

কৰ্কট ৰাশি- অসাৰ কথাত তৰ্ক কৰি শক্তি অপচয় নকৰিব। আজি আপুনি বহুতো নতুন অৰ্থনৈতিক পৰিকল্পনাৰ সন্মুখীন হ’ব, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ সুবিধা আৰু অসুবিধাবোৰ ভালদৰে বিবেচনা কৰক। ঘৰলৈ অহা অতিথিৰ পৰা উপহাৰ লাভ কৰিব পাৰে। শিশুৰ পৰা পোৱা ভাল খবৰে আপোনাৰ মন প্ৰফুল্লিত কৰিব। বাহিৰত খাদ্য গ্ৰহণ নকৰাই ভাল।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- আজি আপুনি আনক সহায় কৰিবলৈ সাজু হ’ব। আজি আপুনি গ্ৰহণ কৰা কোনো সঠিক সিদ্ধান্তই ভৱিষ্যতলৈ আপোনাক লাভাম্বিত কৰিব। আজি অধিক খৰছে আপোনাৰ জমা ধন হ্ৰাস কৰিব পাৰে। বিশেষকৈ অলাগতিয়াল খৰছৰ ওপৰত আজি নিয়ন্ত্ৰণ ৰাখক। খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। দাম্পত্য জীৱনত সুখৰ পৰিৱেশ থাকিব।

কন্যা ৰাশি​​- আৰ্থিকভাৱে আজি শক্তিশালী হ’ব। পাবলগীয়া ধন আজি হঠাৎ আৰু নভৱাকৈয়ে লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত আজি সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। শিল্প-সাহিত্যৰ সৈতে জড়িত সকলৰ বাবেও দিনটো অতি শুভ। কিন্তু আজি কাৰো সৈতে তৰ্কত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ হ’ল আপোনাৰ হাঁহিৰ শৈলী, ইয়াক ব্যৱহাৰ কৰি আপোনাৰ ৰোগ নিৰাময় কৰিবলৈ চেষ্টা কৰক। বিত্তীয় সংকটৰ পৰা হাত সাৰিবলৈ নিৰ্দিষ্ট বাজেটৰ বাহিৰলৈ নাযাব। বিবাদ আৰু মতানৈক্যৰ বাবে ঘৰত কিছু উত্তেজনাপূৰ্ণ মুহূৰ্ত আহিব পাৰে। দাম্পত্য জীৱন সুখৰ হ’ব। ৰাজনৈতিক লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি- ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত জ্যেষ্ঠ আৰু অভিজ্ঞজনৰ পৰা পৰামৰ্শ লওক। খৰখেদাকৈ কৰা কোনো কামে আপোনাৰ কষ্ট আজি দুগুণ বৃদ্ধি কৰিব পাৰে। তীৰ্থ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কাৰো সৈতে উত্তেজনাপূৰ্ণ বাৰ্তালাপ কৰাৰ পৰা আজি বিৰত থাকক। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভাৱাম্বিত কৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- আজি আপুনি পাৰিবাৰিক দায়িত্ব পালন কৰিব পাৰিব। ভাতৃ-ভগ্নীৰ সৈতে সদ্ভাৱ থাকিব। সামাজিক সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। ৰাজনীতিৰ ক্ষেত্ৰত উন্নতিৰ সুযোগ থাকিব। শিশুৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হ’ব পাৰে। ব্যৱসায়িক কাৰণত কৰা ভ্ৰমণ আজি আপোনাৰ বাবে লাভজনক হ’ব। ব্যৱসায় সম্প্ৰসাৰণৰো চিন্তা কৰিব পাৰে।

মকৰ ৰাশি- গোপন শত্ৰুৰ পৰা সাৱধান হওক। পত্নীৰ সৈতে হোৱা ভুল বুজাবুজিয়ে আপোনাৰ মানসিকভাৱে ব্যতিব্যস্ত কৰিব পাৰে। বিত্তীয় পৰিস্থিতি আজি উন্নত হ’ব। পাবলগীয়া ধন লাভ কৰাৰ সমান্তৰালভাৱে আজি আপোনাৰ খৰছো অধিক হ’ব। বাহন আদি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ী সকলে আজি অধিক লাভ অৰ্জন কৰিব পাৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- পৰিয়ালৰ কোনো সদস্যই আপোনাক এটি ভাল খবৰ দিব পাৰে। পৈত্তৃ্ক সম্পত্তিৰ পৰা আজি ধন লাভ কৰিব পাৰিব। আজি যাত্ৰাৰ সময়ত আপুনি নিজৰ স্বাস্থ্যৰ যতন লোৱাটো অতিকৈ জৰুৰী। পৰিয়ালৰ হৈ আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে। চাকৰিয়াল সকলে আজি পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰিব।

মীন ৰাশি- আজি এজন ব্যক্তিক লগ পাব পাৰে, যাৰ চিন্তাধাৰাই আপোনাক বহুত প্ৰভাৱিত কৰিব। ব্যৱসায়িক কাৰণত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। অৱশ্যে আজি আপোনাৰ বাবে বিত্তীয় পৰিস্থিতি সিমান অনুকুল নহয়। আয় কম কিন্তু ব্যয় অধিক হোৱাত আপোনাৰ জমা ধন হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। ঘৰলৈ অতিথিৰ আগমণে আপোনাক সুখী কৰিব। দাম্পত্য জীৱন সুখৰ হ’ব।