চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৩০ ছেপ্টেম্বৰ, শুকুৰবাৰ

মেষ ৰাশি- কাৰো সৈতে তৰ্কত লিপ্ত নহ’ব। ধন-সম্পত্তিৰ বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। ব্যৱসায়ীসকলে সঠিক ঠাইত কৰা বিনিয়োগ লাভজনক প্ৰমাণিত হব। আজি আপোনালোকৰ বাবে বহুত ভাল দিন হ’বলৈ গৈ আছে। ভাগ্যই আপোনাক গোটেই দিনটো সহায় কৰিব। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকসকলে সাৱধান হ’ব লাগে। আপুনি সমাজত নিজৰ পৰিচয় গঢ়ি তোলাত সফল হ’ব।

বৃষ ৰাশি- আজি আপুনি নিজকে শক্তিশালী অনুভৱ কৰিব। এই শক্তিৰে যি কাম কৰিব সেয়া সময়মতে সম্পূৰ্ণ হ’ব। আজি যদি এই ৰাশিৰ অভিযন্তাসকলে নিজৰ অভিজ্ঞতাক সঠিক দিশত ব্যৱহাৰ কৰে, তেন্তে তেওঁলোকে নিশ্চিতভাৱে সফলতা লাভ কৰিব। আজি এনে কিছুমান অগ্ৰগতিৰ বিষয় চৰ্চালৈ আহিব য’ত আপোনাৰ পত্নীৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ’ব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- আজি আপোনাৰ বাবে অনুকূল দিন। অৱশ্যে কিছুমান কথাত আপুনি সন্দেহ কৰি থাকিব। আজি আপুনি হয়তো শাৰীৰিকভাৱে অসুস্থ হৈ পৰিব পাৰে কিন্তু তথাপিও আপুনি মানসিকভাৱে সুখী হ’ব। দাম্পত্য জীৱন সুখৰ হব। কিন্তু পত্নীৰ মনত আঘাত দিয়াৰ পৰা বিৰত থাকক। মাতৃৰ সহায় লাভ কৰিব।

কৰ্কট ৰাশি- আজি যদি আপুনি ব্যৱসায়ত ধন বিনিয়োগ কৰে তেন্তে লাভৱান হব। যাৰ বাবে বিত্তীয় দিশটো আগৰ তুলনাত বহুত ভাল হ’ব। আজি পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদ হ’ব পাৰে। আজি কোনো কামতে অযথা হস্তক্ষেপ নকৰাই ভাল হ’ব। এই ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে আজি পৰীক্ষাত ভাল ফলাফল লাভ কৰিব। পৰিয়ালত সদ্ভাৱ কমিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- আজি বেছিভাগ সময় বন্ধু-বান্ধৱীৰ লগত কটাব। আজি আপুনি আপোনাৰ দৈনন্দিন কাম-কাজৰ পৰা বিভিন্ন কামত ব্যস্ত হৈ পৰিব। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। নিজৰ দায়িত্ব নিয়াৰিকৈ সম্পন্ন কৰক। বস্ত্ৰ আদিৰ নামত ধন ব্যয় হ’ব পাৰে। পত্নীৰ সৈতে সুখৰ হ’ব দিনটো।

কন্যা ৰাশি- আজি আপোনাৰ বাবে এক সুন্দৰ দিন হ’বলৈ গৈ আছে। যিকোনো কামত সৰ্বোত্তম প্ৰদৰ্শন দিবলৈ আপুনি নতুন কিবা এটা কৰিব। নিশ্চয় সফল হব। অৰ্থনৈতিক দিশটো আজি শক্তিশালী হ’ব। স্বাস্থ্যৰো উন্নতি হ’ব। সংগীৰ সৈতে সময় কটাব। সাহিত্য আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ বাবে সময় অনুকূল হ’ব। ছাত্ৰ-ছাত্ৰীসকলে আজি নতুন প্ৰজেক্টত কাম কৰাৰ সুযোগ লাভ কৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি সফলতাই আপোনাৰ চৰণ স্পৰ্শ কৰিব। প্ৰেম জীৱনত সময়ৰ অভাৱে আপোনাক আজি অসুবিধা দিব পাৰে। বিবাহিত জীৱনত থাকিব সুখ। জিভা নিয়ন্ত্ৰণ নকৰিলে সহজে নিজৰ সুনাম কলংকিত কৰিব পাৰে। লুকাই থকা শত্ৰুবোৰে আপোনাৰ বিষয়ে উৰাবাতৰি বিয়পাই দিবলৈ অধৈৰ্য্য হৈ পৰিব। ভ্ৰমণৰ যোগ আছে। অৱশ্যে ব্যয়ৰ ক্ষেত্ৰত সাৱধান হওক।

বৃশ্চিক ৰাশি- হঠাৎ ধন লাভ কৰিব পাৰে। বাহন আদি ক্ৰয়ৰ যোগ আছে। বন্ধু-বান্ধৱীৰ সহায়ত স্থবিৰ হৈ পৰা কাম সম্পূৰ্ণ হ’ব। আজি হয়তো আপোনাৰ ঘৰলৈ কোনো দূৰৰ আত্মীয় আহিব পাৰে, যাৰ ফলত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যিসকলে আজি বিবাহপাশত আবদ্ধ হৈছে তেওঁলোকে ইজনে সিজনক সুখী কৰি ৰাখিবলৈ উপহাৰ বিনিময় কৰিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- ধৰ্মীয় কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। সাংবাদিকতা আৰু চলচ্চিত্ৰৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো ভাগ্যৰ কাৰক। ট্ৰেন্সফাৰৰ সম্ভাৱনাও দেখা যায়, কিন্তু চিন্তা নকৰিব, ই আপোনাৰ বাবে ভাল ফলাফল আনিব। সাহসৰ কাৰ্য্য আৰু সিদ্ধান্তই আপোনাক অনুকূলভাৱে পুৰস্কৃত কৰিব।

মকৰ ৰাশি- ছাত্ৰ-ছাত্ৰী সকলে অলপ বেছি কষ্ট কৰিব লাগিব। যদি আপুনি নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। সংবাদ মাধ্যমৰ লগত জড়িত এই ৰাশিৰ লোকসকলে হয়তো আজি অধিক কষ্ট কৰিব লাগিব পাৰে। পত্নীৰ পৰামৰ্শত গুৰুত্ব দিয়ক। বিত্তীয় পৰিস্থিতি উন্নত হ’ব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- কষ্টৰে কামত সফলতা লাভ কৰিব। ব্যৱসায়ত লাভৰ সৈতে মনটো সুখী হ’ব। ব্যয় বাঢ়িব পাৰে। দাম্পত্য আৰু প্ৰেম জীৱনত কিছু জটিলতা আহিব পাৰে। স্বাস্থ্যৰ যতন লওক। আজি টকাৰ লেনদেনৰ পৰা পাৰিলে বিৰত থাকক। আৰ্থিক পৰিস্থিতি আজি দুৰ্বল হ’ব। মাতৃৰ সহযোগিতা লাভ কৰিব।

মীন ৰাশি- আজি আপোনাৰ মন ধৰ্মীয় কামত নিয়োজিত হ’ব। লোহাৰ ব্যৱসায় কৰি থকা এই ৰাশিৰ লোকসকলে আশা কৰাতকৈ কম লাভ অৰ্জন কৰিব। সূক্ষ্ম কলাৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীসকলে আজি লাভ কৰিব প্ৰশংসা। পাৰিবাৰিক সংঘাত থাকিব পাৰে। ভাতৃৰ সহযোগিতাত ব্যৱসায় বৃদ্ধিৰ সুযোগ লাভ কৰিব।