fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৯ মে’, সোমবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি এজন পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। পিতৃৰ সহায়ত, কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ’ব পাৰে। আজি আপুনি কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব পাৰে। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। সমাজত সন্মান বৃদ্ধি পাব। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। আজি যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওঁক। আপোনাৰ পৰিয়ালৰ প্ৰতি সদ্ভাৱ বৃদ্ধি পাব। আজি আত্মীয় জনৰ মনত দুখ লগা কাম নকৰিব। সন্তানৰ ভৱিষ্যতক লৈ আপুনি আজি চিন্তিত থাকিব। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। শিক্ষাৰ লগত জড়িত হৈ থকা সকলৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভাম্বিত কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক।

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। পাৰিবাৰিক সমস্যাবোৰক অগ্ৰাধিকাৰ দিয়ক। দীর্ঘদিন ধৰি চলি থকা আইনী প্রক্রিয়া আজি সমাধান হ’ব। ব্যৱসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। ভ্ৰমণৰ সুযোগ লাভ কৰিব, কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। পত্নীৰ সমৰ্থন লাভ কৰিব। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে অধিক সময় অতিবাহিত কৰাৰ সুযোগ পাব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ সমাজত এক উন্নত প্ৰতিচ্ছবি থাকিব। ব্যবসায়ত বন্ধুৰ সহায়ে আপোনাক লাভাম্বিত কৰিব পাৰে। আজি ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কন্যা ৰাশি- অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। এজন বন্ধুৱে তেওঁলোকৰ ব্যক্তিগত সমস্যাৰ সমাধানৰ বাবে আপোনাৰ পৰা পৰামৰ্শ বিচাৰিব পাৰে। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। মাতৃৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

তুলা ৰাশি- আজি ধনৰ লেনদেনৰ পৰা আপুনি সাৱধান হওক। পৰিয়ালত এক উন্নত সম্পৰ্ক বজাই ৰাখিলে সম্পৰ্ক শক্তিশালী হ’ব। অত্যাধিক খং পৰিহাৰ কৰক। বাৰ্তালাপৰ সময়ত সাবধান হওক। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পত্নীৰ পৰা এটা ভাল খবৰ লাভ কৰিব পাৰে। এজন পুৰণি বন্ধুৰ সৈতে সংযোগ হ’ব পাৰে। মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। ব্যবসায়ত মনোযোগ দিয়ক, নহ’লে লোকচানৰ সন্মুখীন হ’ব পাৰে। পৰিয়ালৰ প্ৰতি সদ্ভাৱ বৃদ্ধি পাব। আজি আপুনি এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে সুখী মুহূৰ্ত অতিবাহিত কৰিব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

মকৰ ৰাশি- আজি আপুনি অত্যাধিক খং পৰিহাৰ কৰক। আজি আপুনি আত্মীয়সকলৰ মনত আঘাত লগা কাম নকৰিব। যদি আপুনি বুদ্ধিমত্তাৰে কাম কৰে, তেন্তে আজি আপুনি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰে। আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। মাতৃৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। সন্তানৰ পৰা এটি সুখবৰ লাভ কৰিব পাৰে।

কুম্ভ ৰাশি- আজি আপুনি আপোনাৰ ভাতৃ-ভগ্নীৰ সহায়ত যিকোনো কাম আৰম্ভ কৰে, তেন্তে আপুনি নিশ্চিতভাৱে ইয়াত সফলতা লাভ কৰিব। আপোনাৰ মন আধ্যাত্মিকতাৰ প্ৰতি অধিক হ’ব। আপুনি পৰিয়ালৰ সৈতে এটা ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো শুভ প্ৰমাণিত হ’ব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। দীর্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল অৰ্জন কৰিবলৈ সক্ষম হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ জেষ্ঠ্যজনৰ পৰামৰ্শ লওক।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!