fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১৩ ছেপ্টেম্বৰ, মঙলবাৰ

মেষ ৰাশি- লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান হওক। খৰচ বৃদ্ধি হ’ব পাৰে। ব্যৱসায়িক জীৱন স্বাভাৱিক হ’ব। পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। শিশুৰ লগত জড়িত যিকোনো কথাই আপোনাক অশান্তি দিব পাৰে। পত্নীৰ কথাত গুৰুত্ব দিয়ক। জ্যেষ্ঠ জনৰ পৰামৰ্শই আজি আপোনাক সঠিক বাট দেখুৱাব পাৰে। দূৰ ভ্ৰমণৰ যোগ আছে।

বৃষ ৰাশি- পৈতৃক সম্পত্তিৰ পৰা লাভ হ’ব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলৰ বাবে এই দিনটো অনুকূল। ব্যৱসায়ীসকলে লাভৱান হ’ব পাৰে। নিজৰ মূল্যৱান বস্তুৰ যত্ন লওক। আজি আপুনি শাৰীৰিকভাৱে কিছু অসুস্থ অনুভৱ কৰিব পাৰে। সেয়ে খাদ্যাভাষত গুৰুত্ব দিয়ক। দাম্পত্য জীৱনত সুখ থাকিব। শিক্ষাৰ্থীসকলে আজি অধিক কষ্ট কৰিলেহে সুফল লাভ কৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মিথুন ৰাশি- আজি মন সুখী হব। স্বাস্থ্যক লৈ চিন্তিত হব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলে আজি জনসেৱাত অধিক মনোযোগ দিব। আইনী বিষয়ত কিছু বাধা আহিব পাৰে। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। দাম্পত্য জীৱনত পত্নীৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰিব পাৰিব।

কৰ্কট ৰাশি- পুৰণি বন্ধু-বান্ধৱীক লগ পোৱাৰ সুযোগ পাব। আত্মীয়তাত থকা সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আপোনাৰ সৃষ্টিশীলতাই আজি আপোনালৈ সন্মান কঢ়িয়াই আনিব। পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে। বিত্তীয় লেনদেনত কিছু সাৱধান হোৱাৰ প্ৰয়োজন আছে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

সিংহ ৰাশি- সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। আজি স্বাস্থ্য ভাল হব। কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব। পৰিয়ালটোত থাকিব সুখ আৰু শান্তি। বস্তুগত সুখ বাঢ়িব। হঠাৎ ধন লাভ কৰিব পাৰে। অৱশ্যে আজি ব্যয়ৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰাখক। হাতলৈ অহা দুটকা জমা কৰাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত আজি সকলো কাম সময়মতে সম্পন্ন কৰিবলৈ সক্ষম হব।

কন্যা ৰাশি- ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকৰ বাবে দিনটো ভাল। আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে। অধিক ব্যয়ে আজি আপোনাক চিন্তাত পেলাব পাৰে। পত্নীৰ সৈতে কোনো কাৰণত মতানৈক্য ঘটিব পাৰে। পৰিয়ালত সদ্ভাৱ থাকিব। কিন্তু ঘৰলৈ হঠাৎ অহা অতিথিয়ে আজি পৰিয়ালৰ আন সদস্যৰ সৈতে থকা আপোনাৰ সম্পৰ্কত ব্যাঘাত জন্মাব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আজি এটা ভাল খবৰ লাভ কৰিব পাৰে। মন প্ৰফুল্লিত হৈ থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মী সকলৰ পৰা সহযোগিতা লাভ কৰিব। বিত্তীয় দিশ উন্নত হ’ব। অৱশ্যে ঘৰুৱা ব্যয় আজি পূৰ্বৰ তুলনাত কিছু বৃদ্ধি পাব পাৰে। বাহন যাত্ৰা কৰাৰ সময়ত সাৱধান হওক। পাৰিলে বাহিৰত খাদ্য গ্ৰহণৰ পৰা আজি বিৰত থাকক। ব্যৱসায়ত লাভৰ সুযোগ থাকিব।

বৃশ্চিক ৰাশি- আইনী বিষয়ত সফলতা লাভ কৰিব পাৰে। পৰিয়ালকো সময় দিবলৈ চেষ্টা কৰক। বিত্তীয় দিশত কিছু সমস্যাৰ সৃষ্টি হব পাৰে। নতুন ব্যৱসায়ত বিনিয়োগ কৰাৰ পূৰ্বে জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাটো আজি আপোনাৰ বাবে নিতান্তই জৰুৰী। মাৰ্জিত হৈ আজি সকলোৰে সৈতে কথা পাতক। আপোনাৰ বন্ধু আজি আপোনাৰ আচৰণত ক্ষুণ্ণ হ’ব পাৰে। দাম্পত্য জীৱনতো আজি তিক্ততা আহিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

ধনু ৰাশি- পূৰ্ব নিৰ্ধাৰিত কোনো কাম আজি সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। যাৰ ফলত আজি আপুনি মানসিকভাৱেও প্ৰশান্তি অনুভৱ কৰিব। কলা-সাহিত্যৰ সৈতে জড়িত সকলে আজি নিজৰ কৰ্মৰাজিৰে সুনাম অৰ্জন কৰিব পাৰে। ঘৰত মাংগলিক কাৰ্য সম্পন্ন হ’ব পাৰে। আনৰ বিষয়ত আজি হস্তক্ষেপ কৰাৰ পৰা আঁতৰি থাকক। ব্যৱসায়ত লাভৰ যোগ আছে।

মকৰ ৰাশিঃ আজি আপোনাৰ বাবে অনুকূল দিন হ’ব। চাকৰিত প্ৰমোচন পাব পাৰে। ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ’ব। কথা কওঁতে শালীনতা বৰ্তাই ৰাখক। আপোনাৰ কথাই যাতে কাৰো মনত আঘাত নিদিয়ে তাৰ প্ৰতি সতৰ্ক হওক। হঠাৎ হাতলৈ ধন আহিব পাৰে। কিন্তু ব্যয়ৰ ক্ষেত্ৰত কিছু সাৱধান হওঁক। মাতৃৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। অভিভাৱকৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। জ্যেষ্ঠ বিষয়াৰ সহায় লাভ কৰিব। আজি ব্যৱসায়ত বুদ্ধিমত্তাৰে বিনিয়োগ কৰক, অন্যথা লোকচনাৰ পূৰ্ণ সম্ভাৱনা আছে। হঠাৎ এজন পুৰণি বন্ধুৰ সৈতে আজি আপোনাৰ সাক্ষাৎ হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। দাম্পত্য জীৱনত সুখ থাকিব।

মীন ৰাশি- অলাগতিয়াল কথাত গুৰুত্ব দিলে আজি আপুনি মানসিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে। পুৰণি ৰোগেও আজি নতুনকৈ উক দিব পাৰে। পৰিয়ালৰ সমৰ্থনত আজি পাৰিবাৰিক ব্যৱসায় সম্প্ৰসাৰণৰ চেষ্টা কৰিব পাৰে। দাম্পত্য জীৱনত সুখ থাকিব। ৰাজনীতিৰ সৈতে জড়িত সকলৰ আজি প্ৰভাৱ বৃদ্ধি পাব। আৰ্থিকভাৱে আজি আপুনি সৱল হ’ব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!