fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৮ মে’, দেওবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। ঘৰখনত এক শান্তিৰ পৰিৱেশ থাকিব। আনৰ কামত হস্তক্ষেপ নকৰিব। ই আপোনাক বদনাম কৰিব পাৰে। কেৰিয়াৰত এক ইতিবাচক পৰিৱৰ্তন হ’ব। দীর্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। পূৰ্বনিৰ্ধাৰিত দায়িত্ব পালন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব।

বৃষ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। সন্তানৰ পৰা এটি ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ত উন্নত। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। আপুনি ভৱিষ্যতৰ কথা মনত ৰাখি পৰিকল্পনা কৰিব পাৰে। শিক্ষাৰ্থীসকল উপকৃত হ’ব, মন অধ্যয়নত নিয়োজিত হ’ব। আপুনি এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। বাৰ্তালাপত সাবধান হওক। ধনৰ লেনদেনৰ পৰা আঁতৰি থাকক। আপুনি ভৱিষ্যতৰ বিষয়ে চিন্তিত হ’ব পাৰে। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজনীয় সহযোগিতা থাকিব। ৰাজনৈতিক লোকসকলৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ’ব। আপুনি ব্যৱসায়ত এটা ডাঙৰ বিনিয়োগ কৰিব পাৰে।

কৰ্কট ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। পৰিয়ালত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ’ব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। আপুনি কিবা নতুন শিকিবলৈ চেষ্টা কৰিব পাৰে। পত্নীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। ভ্ৰমণৰ সুযোগ লাভ কৰিব কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। কিছুমানে লোকে আপোনাক আজি উত্তেজিত কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ কাৰ্যপ্ৰণালী উন্নত হ’ব। ৰাজহুৱা স্থানত ব্যক্তিগত আলোচনা পৰিহাৰ কৰিব। ব্যবসায়ত বন্ধুৰ সহায়ে আপোনাক লাভাম্বিত কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ জেষ্ঠ্যজনৰ পৰামৰ্শ ল’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব পাৰে। নিজ স্বাস্থ্যৰ যতন লওক। ব্যবসায়ত মনোযোগ দিয়ক অন্যথা লোকচানৰ সন্মুখীন হ’ব পাৰে। আজি আপুনি আপোনাৰ ভৱিষ্যতক লৈ এটা ডাঙৰ সিদ্ধান্ত ল’ব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্রক্রিয়া আজি সমাধান হ’ব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

তুলা ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আপুনি কাৰিকৰী কামত আগ্ৰহী হ’ব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। ভাগ্যৰ যথেষ্ট সমৰ্থন থাকিব। আপুনি ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা লাভান্বিত হ’ব পাৰে। ঘৰত এটা ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

বৃশ্চিক ৰাশি- অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলে সন্মান লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। আপোনাৰ স্বাস্থ্যৰ বিষয়ে অসাৱধান নহ’ব। আজি বাহিৰত খাদ্য খোৱা পৰিহাৰ কৰক। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যই আজি আপোনাক চিন্তিত কৰিব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিব।

ধনু ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। ব্যবসায়ত লোকচানৰ সন্মুখীন হ’ব পাৰে। মানুহে আপুনি কোৱা কথাৰ ভুল ব্যাখ্যা কৰিব পাৰে। আপুনি পৰিয়ালৰ সদস্যসকলৰ বিষয়ে চিন্তিত থাকিব। অচিনাকি লোকৰ ওপৰত অত্যাধিক নিৰ্ভৰ নকৰিব। ধনৰ লেনদেন কৰোঁতে সাৱধান হওক। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে। মাতৃৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। শিক্ষার্থীসকলে যত্ন কৰিলে সুফল লাভ কৰিব পাৰে।

মকৰ ৰাশি- আজি আপোনাৰ বাবে দিনটো লাভজনক প্ৰমাণিত হ’ব। আজি আপুনি এখন ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। অন্য লোকৰ কথাত কোনো সিদ্ধান্ত নল’ব। দীৰ্ঘদিনীয়া অৰ্ধসম্পূৰ্ণ কাম আজি সম্পূর্ণ হ’ব পাৰে। সম্পত্তি সম্পৰ্কীয় বিষয়ত সফলতা থাকিব। শিক্ষার্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে।

কুম্ভ ৰাশি- আজি আপোনাৰ বাবে দিনটো ব্যস্ততাৰে ভৰি থাকিব। আপুনি কামৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰা উচিত হ’ব। চাকৰিয়াল সকলে আজি ডাঙৰ দায়িত্ব লাভ কৰিব পাৰে। আজি এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। পৰিয়ালৰ প্ৰতি সদ্ভাৱ বৃদ্ধি পাব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। সন্তানৰ ভৱিষ্যতক লৈ আপুনি আজি চিন্তিত থাকিব। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। ব্যবসায়ত মনোযোগ দিয়ক।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। চাকৰিয়াল সকলে পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভাম্বিত কৰিব। শিক্ষার্থীসকলে যত্ন কৰা উচিত। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। ব্যবসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!