দৈনিক ৰাশিফলঃ ২২ নৱেম্বৰ, মঙ্গলবাৰ
মেষ ৰাশি– বন্ধুৰ জৰিয়তে আপুনি নতুন উপাৰ্জনৰ উৎসৰ সন্ধান পাব। পূৰণ কৰিব নোৱাৰা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পৰা বিৰত থাকক। ব্যৱসায়ত বিনিয়োগ কৰাৰ পূৰ্বে অভিজ্ঞজনৰ পৰা পৰামৰ্শ লওক। ধৰ্মীয় স্থলীলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। বাহিৰত খাদ্য খোৱাৰ বিৰত থাকক। দাম্পত্য সুখ বৃদ্ধি পাব।
বৃষ ৰাশি- আজি আপোনাৰ বাবে অনুকূল দিন হ’ব। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। ক্ৰীড়াৰ প্ৰতি আগ্ৰহী এই ৰাশিৰ জাতক-জাতিকাসকলে আজি এখন বিখ্যাত একাডেমীত যোগদানৰ প্ৰস্তাৱ পাব, যিয়ে মনটোক সুখী কৰি তুলিব। যিকোনো কামত ভাতৃ-ভগ্নীৰ পূৰ্ণ সহযোগিতা থাকিব। ব্যৱসায়িক কাৰণত ভ্ৰমণ কৰিবলগীয়া হব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
মিথুন ৰাশি- আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নিশ্চয় পাব, গতিকে কঠোৰ পৰিশ্ৰম কৰি যাওক। ধৈৰ্য্য ধৰিব। উৰাবাতৰিৰ পৰা বাছি থাকক। আজি আপুনি অত্যধিক কামৰ বাবে ভাগৰুৱা অনুভৱ কৰিব। আয় বৃদ্ধি পাৱ ঠিকেই কিন্তু অধিক ব্যয়ে আপোনাৰ বাজেট বিঘ্নিত কৰিব পাৰে। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক।
কৰ্কট ৰাশি- উপাৰ্জনৰ নতুন সুযোগ লাভ কৰিব পাৰে। বন্ধুৰ আঁৰত লুকাই থকা শত্ৰুৱে আপোনাক ভুল পথ দেখুৱাব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ লাভ বৃদ্ধি পাব। হঠাৎ কোনো ভাল খবৰ লাভ কৰিব পাৰে। সুখ বৃদ্ধি পাব। পত্নীৰ পৰামৰ্শত গুৰুত্ব দিয়ক।
সিংহ ৰাশি- আজি তোমাৰ দিনটো স্বাভাৱিক হৈ পৰিব। বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। ঘৰুৱা সামগ্ৰীৰ খৰচ বাঢ়িব পাৰে। আপোনাৰ আচৰনে আজি আপোনজনক আঘাত দিব পাৰে। খং এৰাই চলক। শিল্প-সাহিত্যৰ সৈতে জড়িতসকলে সুখ্যাতি লাভ কৰিব পাৰিব। পৰিয়ালত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে। বিত্তীয় পৰিস্থিতি আজি সিমান ভাল নহব। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কন্যা ৰাশি- আজি কাৰোবাৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। নতুন নতুন কাম হাতত ল’লে সেইবোৰত সফলতা লাভ কৰিব। মনত এক নতুন উদ্যম আহিব। কাৰোবাৰ লগত বিবাদে আপোনাক বিপদত পেলাব পাৰে। যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে আজি পঢ়া-শুনাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। সাংসাৰিক সুখ বৃদ্ধি পাব। ভ্ৰমণ কৰিবলগীয়া হব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক।
তুলা ৰাশি- আৰ্থিক সমস্যাই আপোনাৰ সৃষ্টিশীল চিন্তাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে। ঘৰৰ মানুহে আপোনাৰ আড়ম্বৰপূৰ্ণ স্বভাৱক সমালোচনা কৰিব। ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰা উচিত, নহ’লে আগন্তুক সময়ত বিপদত পৰিব পাৰে। ব্যৱসায়ত নজৰ নিদিলে লোকচান ঘটিব পাৰে। বন্ধুৰ সংগ লাভ কৰিব। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান সম্পন্ন হব পাৰে। ৰাজনীতিৰ সৈতে জড়িত সকলৰ বাবে আজি ভাল দিন।
বৃশ্চিক ৰাশি- আজি আপুনি শক্তিৰে ভৰি পৰিব। ধৈৰ্য্যৰে আজি সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ সহজেই দূৰ কৰিব পাৰিব। চিন্তাশীল কাম সম্পূৰ্ণ কৰিব পাৰে। হঠাৎ সুফল পোৱাৰ সম্ভাৱনা আছে। পুৰণি কামৰ ফল আপোনাৰ পক্ষত আহিব পাৰে। ব্যৱসায়িক লাভ বৃদ্ধি পাব। বাহন আদি ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। মাতৃৰ পৰা সহায় লাভ কৰিব। পত্নীৰ সৈতে কোনো কাৰণত মতানৈক্য ঘটিব পাৰে।
ধনু ৰাশি– কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰিব। মনত নতুন উদ্যম থাকিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা থাকিব। এজন নিৰ্ভৰযোগ্য ব্যক্তিৰ সমৰ্থন পাব। পৰিয়ালৰ ভিতৰতে এক সমন্বয়ৰ পৰিবেশ সৃষ্টি হ’ব। আপোনাৰ জীৱনৰ পৰিৱৰ্তন আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব। ব্যৱসায়িক কাৰণত কৰা ভ্ৰমণ লাভজনক প্ৰমাণিত হব। মাতৃৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে। দাম্পত্য সুখ বৃদ্ধি পাব।
মকৰ ৰাশি- কোনো বিনিয়োগৰ সময়ত জ্যেষ্ঠ আৰু অভিজ্ঞজনৰ পৰামৰ্শ লওক। ভাতৃ-ভগ্নীৰ পৰা লাভ কৰা সমৰ্থনে আপোনাক উৎসাহিত কৰিব। খং পৰিহাৰ কৰক। শিক্ষাৰ্থী সকলে সফলতা লাভ কৰিবলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ সকলৰ সৈতে বিবাদ ঘটিব পাৰে। চাকৰি বিচাৰি সকলে নতুন সুযোগ লাভ কৰিব পাৰে। পত্নীৰ পৰামৰ্শই উপকৃত কৰিব।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
কুম্ভ ৰাশি – আজি আপোনাৰ বাবে এক সুন্দৰ দিন হ’ব। আজি ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ভাল দিন। যদি আপুনি সাক্ষাৎকাৰৰ বাবে গৈ আছে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপুনি আপোনাৰ জীৱনত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব, যিটো ভৱিষ্যতৰ বাবে উপকাৰী হ’ব। বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থাকক। শিল্প-সাহিত্যৰ সৈতে জড়িতসকলে খ্যাতি লাভ কৰিব পাৰে। দাম্পত্য জীৱন সুখৰ হব।
মীন ৰাশি- পত্নী অথবা আপোনজনৰ সতে দীৰ্ঘ সময়ৰ পৰা চলি থকা মতানৈক্যৰ আজি অন্ত পৰিব পাৰে। ঘৰত সুখ আৰু আনন্দৰ পৰিবেশ থাকিব। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব, যাৰ বাবে আপুনি অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি বন্ধুক লগ পাব পাৰে। পুৰণি সম্পত্তিৰ পৰা ধন লাভ কৰিব পাৰে। ব্যৱসায়ত নজৰ দিয়ক। সুস্বাদু খাদ্যৰ প্ৰতি ৰাপ বৃদ্ধি পাব। ৰাজনৈতিক সহায় লাভ কৰিব পাৰে।