fbpx
ৰাশিফলঅসমীয়া

চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ২০ জুন, সোমবাৰ

মেষ ৰাশি- আজি আপোনাৰ পুৰণি শাৰিৰীক সমস্যা দূৰ হব। অৰ্থনৈতিক উন্নতি নিশ্চিত। ইতিবাচক আৰু সহায়কাৰী বন্ধুৰ সৈতে সময় পাৰ কৰক। সামাজিক আৰু ধৰ্মীয় কাম-কাজৰ বাবে এই দিনটো অতি ভাল। কোনো অচিনাকি ব্যক্তিয়ে আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত বিবাদৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটো আপোনাৰ ব্যক্তিত্ব বৃদ্ধিৰ বাবে উপযোগী হ’ব পাৰে। ব্যৱসায়ত মনোযোগ দিয়ক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- দিনটো আপোনাৰ বাবে লাভজনক হব। কৰ্মস্থলীত অনুকুল পৰিৱেশ থাকিব। অলপ কষ্টৰে আজি কিছু গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ’ব। এই ৰাশিৰ চিকিৎসকৰ খ্যাতি আজি বহু দূৰলৈ বিয়পি পৰিব। আজি বন্ধুৰ ঘৰৰ পৰা আহাৰ গ্ৰহণৰ নিমন্ত্ৰণ লাভ কৰিব পাৰে। প্ৰিয়জনৰ পৰা উপহাৰ লাভ কৰিব পাৰে। সম্পৰ্কবোৰত নতুনত্ব আহিব। ছাত্ৰ-ছাত্ৰীসকলে কিছু কষ্ট কৰিবলগীয়া হ’ব পাৰে। ব্যৱসায়ত নতুন বিনিয়োগ কৰিব পাৰে।

মিথুন ৰাশি- আজি আপুনি খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যিয়ে আপোনাক সুস্থ কৰি ৰাখিব। প্ৰয়োজনৰ সময়ত বন্ধু-বান্ধৱীৰ সহায় লাভ কৰিব। ব্যৱসায়ত গুৰুত্ব নিদিলে লোকচাৰ সন্মুখীন হব লাগিব পাৰে। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। বাহন যাত্ৰা কৰাৰ সময়ত সাৱধান হওক আৰু অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা এৰাই চলক। বিবাহিত সকলৰ বাবে দিনটো আনন্দদায়ক হব। লগতে

চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি কিবা এটা কাৰণত আপোনাৰ মানসিক চাপ বাঢ়িব পাৰে। কৰ্মস্থলীত ব্যস্ত দিন এটাই আপোনাক বিতুষ্ট কৰিব পাৰে। ব্যৱসায়ত কিছু বাধা আহিব। খং পৰিহাৰ কৰক আৰু সকলোৰে সৈতে সদ্ভাৱ বৰ্তাই ৰাখক। আজি ধনৰ লেনদেনৰ পৰা পাৰিলে আতৰি থাকক। দূৰ সম্পৰ্কীয় কোনো অতিথিৰ ঘৰলৈ আগমণ ঘটিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

সিংহ ৰাশি- সন্তানৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে কিছু সুখৰ মুহূৰ্ত অতিবাহিত কৰিবলৈ সক্ষম হ’ব। দীৰ্ঘম্যাদী বিনিয়োগে আজি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হব পাৰে। অৱশ্যেই ব্যৱসায়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে অভিজ্ঞজন আৰু পৰিয়ালৰ সৈতে ভালদৰে আলোচনা কৰক। বিত্তীয় পৰিস্থিতি উন্নত হ’লেও অলাগতিয়াল ব্যয় অধিক হব। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

কন্যা ৰাশি- আজিৰ দিনটো বৰ ভাল হ’বলৈ গৈ আছে। আজি আপোনাৰ ক্ষেত্ৰখনত এটা ডাঙৰ সুযোগ আহিব, যিটো বাছনি কৰাত পলম নকৰিব। অত্যধিক পলম কৰি আপুনি হয়তো ধন উপাৰ্জনৰ সুযোগ হেৰুৱাব পাৰে। কৰ্মৰ সন্ধানত থকা সকলে আজি এটা সুখবৰ লাভ কৰিব পাৰে। শত্ৰুৰ পৰা সাৱধানে থকা ভাল। পত্নীৰ সৈতে পুৰণি বিবাদ আজি দূৰ হব। সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি যাওক।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- আইনী বিষয়ক লৈ উত্তেজনা সম্ভৱ। চতুৰ বিত্তীয় আঁচনিত আবদ্ধ হৈ পৰাৰ পৰা বিৰত থাকক। বিনিয়োগ কৰাৰ সময়ত অত্যন্ত সাৱধান হওক। পৰিয়ালৰ জ্যেষ্ঠ জনৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বাবে আজি এটা ভাল দিন। হঠাৎ কোনো এজন পুৰণি বন্ধুৰ সৈতে আপোনাৰ সাক্ষাৎ হব পাৰে। পত্নীৰ সৈতে কিছু মতভেদ থাকিলেও সন্ধিয়ালৈ সকলো ঠিক হৈ যাব।

বৃশ্চিক ৰাশি- আজি আপোনাৰ আৰ্থিক দিশটো ভাল হ’বলৈ গৈ আছে। আজি কোনোবাই বিশেষ ভাল খবৰ দিব পাৰে। নিবনুৱা এই ৰাশিৰ লোকসকলে আজি লাভ কৰিব কৰ্মসংস্থাপনৰ এক সোণালী সুযোগ। স্বাস্থ্যক ফিট কৰি ৰাখিবলৈ বাহিৰৰ বস্তু খোৱাৰ পৰা বিৰত থাকক। আজি ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটা ভাল দিন। চাকৰিৰ সাক্ষাৎকাৰ আদিত সফলতা লাভ কৰিব পাৰিব।

ধনু ৰাশি- কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ সাহস আৰু শক্তি প্ৰদৰ্শন কৰিব লাগিব। ইতিবাচক চিন্তাৰে সহজেই এই বাধাবোৰ অতিক্ৰম কৰিব পাৰিব। আনক আপ্লুত কৰিবলৈ অতিৰিক্ত ধন খৰচ নকৰিব। পৰিয়ালৰ সদস্যৰ সৈতে এটা জিৰণি আৰু শান্তিপূৰ্ণ দিন উপভোগ কৰক। যদি মানুহে আপোনাৰ ওচৰলৈ সমস্যা লৈ আহে, তেন্তে সেইবোৰক আওকাণ কৰক আৰু সেইবোৰে আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিবলৈ নিদিব। আজি কাৰোবাক লগ পোৱাৰ সম্ভাৱনা আছে যিয়ে আপোনাৰ হৃদয় গভীৰভাৱে স্পৰ্শ কৰিব।

মকৰ ৰাশি- আপোনাৰ একাগ্ৰতাই আজি আপোনাক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ বছৰ পৰা ইতিবাচক সঁহাৰি পাব। ব্যৱসায়িক সফলতাক আগুৱাই নিবলৈ আপোনাৰ ক্ষমতা ব্যৱহাৰ কৰক। নিশ্চয় লাভ হব। আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাত থাকিব। ইয়াৰ বাবে বহুতো কাম সময়মতে সম্পূৰ্ণ হ’ব। দাম্পত্য জীৱন সুখৰ হব। লগতে

চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- অভাৱনীয় খৰচে আৰ্থিক বোজা বৃদ্ধি কৰিব পাৰে। ঘৰুৱা পৰিৱেশত কিছু পৰিৱৰ্তন কৰাৰ আগতে সকলোৰে মতামত ল’বলৈ চেষ্টা কৰা উচিত। ব্যৱসায়িক ভুল সিদ্ধান্তই আপোনাক লোকচানত পেলাব পাৰে। বন্ধুৰ সমৰ্থন লাভ কৰিব। সামাজিক স্থানত শালীনতা বৰ্তাই ৰখাৰ চেষ্টা কৰক। আপোনাৰ আচৰণে আজি আপোনাৰ প্ৰিয়জনৰ মনত আঘাত দিব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

মীন ৰাশি- আজি এটা স্বাভাৱিক দিন হ’বলৈ গৈ আছে। ইচ্ছাশক্তিৰ অভাৱে আপোনাক আৱেগিক আৰু মানসিকভাৱে সংকুচিত কৰিব পাৰে। ভূমি আদি ক্ৰয় কৰাৰ যদি পৰিকল্পনা কৰি আছে, তেন্তে আজিৰ দিনটো আপোনাৰ বাবে শুভ। পিতৃ-মাতৃৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰিব। পত্নীৰ পৰামৰ্শত গুৰুত্ব দিলে আজি আপুনি কোনো বিপদৰ পৰা হাত সাৰিব পাৰে। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত কিছু সাৱধান হোৱা উচিত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!