চাওক আপােনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ৮ মাৰ্চ, মঙলবাৰ

মেষ ৰাশি- মনত শান্তি আৰু সুখ থাকিব। মাতৃৰ সংগ লাভ কৰিব। চাকৰিৰ সাক্ষাৎকাৰৰ কামত সফলতা লাভ কৰিব। ৰাজনৈতিক সহযোগিতা লাভ কৰিবলৈ সক্ষম হব। পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ শাৰিৰীক অসুস্থতাই চিন্তিত কৰিব পাৰে। ব্যৱসায়ীসকলে নতুন কাৰ্যত বিনিয়োগ কৰিব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

বৃষ ৰাশি- মনত সুখ থাকিব। চাকৰিয়াল সকলে আজি পদোন্নতিৰ সুযোগ লাভ কৰিব পাৰে। উচ্চ পদস্থ বিষয়াসকলৰ সহযোগিতাই আজি আপোনাৰ কষ্ট লাঘৱ কৰিব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব। ব্যৱসায়ীসলৰ বাবে দিনটো ভাল। বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ী সকলে আজি লাভাম্বিত হব। নতুন বাহন ক্ৰয় কৰিব পাৰে। কথোপকথনত শান্ত হওক। বহুদিন ধৰি পাবলগীয়া টকা আজি লাভ কৰিব পাৰে।

মিথুন ৰাশি- মানসিক শান্তি থাকিব। ব্যৱসায় সম্প্ৰসাৰিত হ’ব। পাৰিবাৰিক জীৱন সুখী হ’ব। আপোনাৰ পিতৃৰ স্বাস্থ্যৰ যত্ন লওক। অযথা খৰছ বৃদ্ধি পাব পাৰে। চাকৰিয়ালসকলে আজি পদোন্নতিৰ সুযোগ লাভ কৰিব যদিও কৰ্মক্ষেত্ৰত বিষয়াৰ সৈতে মতানৈক্য ঘটিব পাৰে। মনত আশা আৰু হতাশাৰ মিশ্ৰিত অনুভূতি থাকিব। ভ্ৰমণৰ সম্ভাৱনা আছে। সাহিত্যৰ সৈতে জড়িত লোকসকলৰ বাবে আজি ভাল দিন।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- শান্ত থাকক। নিষ্ফল খং আৰু তৰ্ক পৰিহাৰ কৰক। পৰিয়ালত সদ্ভাৱ থাকিব। কৰ্মৰ ক্ষেত্ৰত ভ্ৰমণ কৰিবলগা হ’ব পাৰে। ব্যৱসায়ীসকলে আজি তেওঁলোকৰ ব্যৱসায়ৰ ওপৰত অধিক মনোযোগ নিদিলে লোকচানৰ সম্ভাৱনা অধিক। পত্নীৰ সৈতে সাধাৰণ মতানৈক্য ঘটিব পাৰে। চাকৰি বদলিৰ যোগ আছে। আত্মবিশ্বাস হ্ৰাস হ’ব। মনটো অস্থিৰ হৈ থাকিব। চাপ পৰিহাৰ কৰিব।

সিংহ ৰাশি- মানসিক শান্তিৰ বাবে চেষ্টা কৰক। চাকৰি সলনি কৰাৰ সম্ভাৱনা আছে। আপুনি এজন বন্ধুৰ সমৰ্থন পাব পাৰে। উপাৰ্জন বৃদ্ধি হ’ব। আপুনি কামত অসুবিধাৰ সন্মুখীন হ’ব লাগিব পাৰে। আত্মবিশ্বাস বৃদ্ধি হ’ব। ঘৰত ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হব পাৰে। শিশুৰ পৰা ভাল খবল লাভ কৰিব পাৰে। গৃহসজ্জাৰ নামত আজি ব্যয় বৃদ্ধি হব। আলহীৰ আগমণ ঘটিব পাৰে।

কন্যা ৰাশি- স্বাস্থ্যৰ যত্ন লওক। অতিৰিক্ত ব্যয় বৃদ্ধিয়ে আজি আপোনাক আৰ্থিক সমস্যাত পেলাব পাৰে। ব্যৱসায়ত অসুবিধাৰ সন্মুখীন হব পাৰে। বন্ধুৰ পৰা সমৰ্থন লাভ কৰিব। কলা আৰু সংগীতৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। পত্নীৰ পৰিয়ালৰ ফালৰ পৰা আজি আপুনি ধন লাভ কৰিব পাৰে। আত্মবিশ্বাস বৃদ্ধি হ’ব। আজি কাকো টকা ধাৰলৈ নিদিব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- মানসিক শান্তি থাকিব। পাৰিবাৰিক জীৱন সুখৰ হ’ব। ব্যৱসায়ৰ পৰা উপাৰ্জন বৃদ্ধি হ’ব। বন্ধুৰ সহায়ত আজি নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হৈ থাকক। সামাজিক স্থানত মিতভাষী হওক, খং পৰিহাৰ কৰি চলক। ঘৰুৱা সমস্যা বৃদ্ধি পাব পাৰে। আজি বাহনত যাত্ৰা কৰাৰ সময়ত সাৱধান হওক। শত্ৰুই অনিষ্ট সাধন কৰিবলৈ চেষ্টা কৰিব পাৰে।

বৃশ্চিক ৰাশি- স্বাস্থ্য সচেতন হওক। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। পিতৃ-মাতৃৰ পৰা সমৰ্থন লাভ কৰিব। শৈক্ষিক কামত অসুবিধাৰ সন্মুখীন হ’ব পাৰে। চাকৰিয়াল সকলে বদলিৰ সুযোগ পাব পাৰে। পত্নীৰ সৈতে আজি কোনো কথাত মতানৈক্য ঘটিব যদিও সন্ধিয়ালৈ সকলো ঠিক হৈ যাব। পৰিয়ালৰ সৈতে ধৰ্মীয় স্থানলৈ যাব পাৰে।

ধনু ৰাশি- মন লিখন-বৌদ্ধিক কামত নিয়োজিত হৈ থাকিব। হঠাৎ কোনো পুৰণি বন্ধুৰ সৈতে আপোনাৰ আজি দেখা হব পাৰে। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব। মনত সুখ থাকিব যদিও মাজে মাজে পাৰিবাৰিক সমস্যাই মন বিচলিত কৰিব পাৰে। আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। আইনী কাম কাজত আজি সফলতা লাভ কৰিব। অপৰিকল্পিত ব্যয় বৃদ্ধি হ’ব।

মকৰ ৰাশি- মন অস্থিৰ হ’ব পাৰে। বাৰ্তালাপত সন্তুলিত হ’ব। গৃহ নিৰ্মাণ আৰু সজ্জাত আজি ব্যয় বৃদ্ধি পাব পাৰে। আপুনি পিতৃ-মাতৃৰ সমৰ্থন লাভ কৰিব। পৰিয়ালটোত শান্তি থাকিব। চাকৰিয়াল সকলে আজি পদোন্নতিৰ সুযোগ লাভ কৰিব। শত্ৰুৰ পৰা সাৱধান হৈ থাকক। পৰিয়ালৰ সৈতে এটা ধৰ্মীয় স্থানলৈ ভ্ৰমণৰ কাৰ্যসূচী থাকিব পাৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

কুম্ভ ৰাশি- আপোনাৰ আৱেগ নিয়ন্ত্ৰণত ৰাখক। মন বিচলিত হ’ব পাৰে। বাহন আৰু বস্ত্ৰৰ নামত আজি ব্যয় বৃদ্ধি পাব পাৰে। স্বাস্থ্য সচেতন হওক। নতুন ব্যৱসায়ত আজি বিনিয়োগ কৰিব পাৰে। উপাৰ্জন হ্ৰাস পাব। পিতৃ-মাতৃৰ সৈতে আজি সদ্ভাৱ বৃদ্ধি পাব। আপুনি পৰিয়ালৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

মীন ৰাশি- বৃথা খং পৰিহাৰ কৰক। মিতভাষী হ’বলৈ চেষ্টা কৰক। পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লব। আপুনি আজি অতিৰিক্ত ব্যয়ৰ দ্বাৰা অসুবিধাত পৰিব পাৰে। পৈতৃক সম্পত্তিৰ পৰা ধন লাভ হব পাৰে। ধৈৰ্য্যৰ অভাৱ হ’ব। অৰ্থহীন বিবাদ আৰু কাজিয়া পৰিহাৰ কৰক। আপুনি আইনী বিষয় এটাত জড়িত হ’ব পাৰে। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।

Leave a Comment