fbpx
অসমীয়াৰাষ্ট্ৰীয়

চাইবাৰ অপৰাধীৰ জালত বলিউডৰ তাৰকা, ক্ৰিকেটাৰ! পান কাৰ্ডৰ তথ্য চুৰি কৰি লুটিলে লাখ লাখ টকা, ৫ জনক গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ চাইবাৰ অপৰাধীৰ কবলত বলীউডৰ ষ্টাৰ আৰু চেলিব্ৰেটি ক্ৰিকেটাৰ!

কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী আৰু তাৰকা ক্ৰিকেটাৰৰ পান কাৰ্ডৰ তথ্য চুৰি কৰি লাখ লাখ টকাৰ প্ৰৱঞ্চনা চাইবাৰ অপৰাধীৰ।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৫ জনকৈ অভিযুক্তক।

দিল্লী আৰক্ষীৰ উপায়ুক্ত শ্বাহদ্ৰ ৰোহিত মীনাই জানিবলৈ দিয়া মতে, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী, তাৰকা অভিনেত্ৰী শিল্পা ছেট্টী, মাধুৰী দিক্ষীত, আলিয়া ভাট, অভিনেতা অভিষেক বচ্চন আৰু ইমৰান হাছমীৰ পানকাৰ্ডৰ তথ্য চুৰি কৰি চাইবাৰ অপৰাধীয়ে প্ৰৱঞ্চনা কৰিছে কেইবা লক্ষাধিক টকা।

চাইবাৰ অপৰাধীয়ে তাৰকা সকলৰ পান কাৰ্ডৰ তথ্য চুৰি কৰি ভুৱা পান কাৰ্ড বনাই পুনেৰ এটা ষ্টাৰ্টআপ ক্ৰেডিট কোম্পানীৰ পৰা ক্ৰেডিট কাৰ্ড জাৰি কৰে।

এই ক্ৰেডিট কাৰ্ডৰ জৰিয়তে তাৰকা সকলৰ নামত ২১ লাখৰো অধিক টকাৰ জালিয়তি কৰে চাইবাৰ অপৰাধীয়ে।

আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পিছতে ঘটনাৰ অনুসন্ধান চলাই ইতিমধ্যে ৫ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ধৃত অভিযুক্ত কেইজনৰ পৰিচয় পুনিত, মহম্মদ আছিফ, সুনল কুমাৰ, পংকজ মিশ্ৰ আৰু বিশ্ব ভাস্কৰ শৰ্মা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

Back to top button