অসম
চাংসাৰী AIIMSত অঘটন, সপ্তম মহলাৰ পৰা পৰি চিকিৎসকৰ মৃত্যু…

চাংসাৰীস্থিত AIIMSত অঘটন।
সপ্তম মহলীয়া অট্টালিকাৰ পৰা পৰিল চিকিৎসক।
বুধবাৰ সংঘটিত হয় এই ঘটনা।
চিকিৎসকগৰাকীৰ নাম ফল্গু প্রতীম দাস (ঋষি)।

সংকটজনক অৱস্থাত চিকিৎসকজনক উত্তৰ গুৱাহাটীৰ GNRCত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃ্ত্যু হয় চিকিৎসকজনৰ।
ঘটনাক লৈ AIIMSত চাঞ্চল্যৰ সৃষ্টি।
একাংশৰ মতে ৭ম মহলাত চেলফি ল’বলৈ যোৱাৰ সময়তে সংঘটিত হয় এই অঘটন।
অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পােহৰলৈ আহিব ঘটনাৰ প্ৰকৃত কাৰণ।