চলিত সপ্তাহৰ পৰা দেশজুৰি আৰম্ভ হ’ব ১২-১৪ বছৰ বয়সীয়াৰ কোভিড টীকাকৰণ

নিউজ ডেস্ক। ভাৰত চৰকাৰে চলিত সপ্তাহৰ ১৬ মাৰ্চৰ পৰা ১২-১৪ বছৰ বয়সৰ কিশােৰ-কিশােৰীসকলৰ বাবে ক’ভিড-১৯ৰ টীকাকৰণ কাৰ্যসূচী সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে।

সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কয় যে বৈজ্ঞানিক সংস্থাসমূহৰ সৈতে যথাযথ আলোচনাৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই মাহৰ ১৬ তাৰিখৰ পৰা ১২ ৰ পৰা ১৪ বছৰ বয়সৰ (২০০৮, ২০০৯ আৰু ২০১০ চনত জন্ম গ্ৰহণ কৰা লোকসকলৰ) বাবে কোভিডৰ টীকাকৰণ কাৰ্য‍্যসূচী আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।

G5 9
চলিত সপ্তাহৰ পৰা দেশজুৰি আৰম্ভ হ’ব ১২-১৪ বছৰ বয়সীয়াৰ কোভিড টীকাকৰণ 2

প্ৰদান কৰিবলগা কৰ্বেভাক্স নামৰ কোভিড ভেকচিনটো বায়লজিকেল ইভেন্স, হায়দৰাবাদৰ দ্বাৰা নিৰ্মিত বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে হৈছে।

লক্ষণীয়ভাৱে, টীকাকৰণ কাৰ্যসূচীৰ অধীনত ১৪ বছৰৰ অধিক বয়সৰ লোকসকলৰ ইতিমধ্যে টীকাকৰণ সম্পূৰ্ণ হৈছে।

তদুপৰি, চৰকাৰে লগতে সিদ্ধান্ত লৈছে যে ৬০ বছৰ উদ্ধৰ নাগৰিকৰ বাবে কোভিড ভেকছিনৰ সাৱধানতা পালিৰ বাবে সহ-ৰোগ অৱস্থানৰ যি চৰ্ত আছিল তৎক্ষণাৎ আঁতৰ কৰা হ’ব।

তাৰ ফলত মাৰ্চৰ ১৬ তাৰিখৰ পৰা ৬০ ৰ উদ্ধৰ সকলো নাগৰিক কোভিড-১৯ ভেকছিনৰ সাৱধানতা পালিৰ বাবে যোগ্য হ’ব।

Leave a Comment