চলিত বৰ্ষত সংস্থাপন কৰা হ’ব ৬ লাখ স্মাৰ্ট মিটাৰঃ মুখ্যমন্ত্ৰী

নিউজ ডেস্ক। অহা ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ যোগানৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

দেওবাৰে বিজুলী ভৱনত অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড, অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ অন্তত এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বৈঠকত বিদ্যুৎ সম্পৰ্কীয় কেইবাটাও কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কোভিড পৰিস্থিতিৰ বাবে বিদ্যুৎ বিভাগ কিছু ক্ষতিৰ সন্মুখীন হ’লেও অহা এবছৰত অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে।

ৰাজ্য চৰকাৰে শক্তি খণ্ডৰ সংবহন আৰু বিতৰণ ক্ষতি হ্ৰাসকৰণেৰে বিকাশৰ বাটত অগ্ৰসৰ হোৱাৰ লগতে মাচুল প্ৰদান আৰু মাচুল সংগ্ৰহ সুচল কৰাৰ লক্ষ্যৰে ২০২২ বৰ্ষত ৬ লাখ স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়া মতে, ৰাজ্যৰ ৩.৫০লাখ পৰিয়ালে এতিয়াও বিদ্যুৎ সংযোগ লাভ কৰা নাই। ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত এই সকলো পৰিয়ালে বিদ্যুৎশ সংযোগ লাভ কৰিব।

ইফালে ৰাজ্যৰ শক্তি খণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৮ হাজাৰ কোটি টকা অনুমোদন জনোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ৩বছৰৰ ভিতৰত ৰাজ্যবাসীয়ে ২৪ঘন্টাই বিদ্যুৎ সেৱা লাভ কৰিব বুলিও ঘোষণা কৰে।

Leave a Comment