নিউজ ডেস্কঃ মধ্য আকাশত উৰি থকা এখন যাত্ৰীবাহী বিমানৰ ভিতৰত হঠাৎ অসুস্থ হৈ পৰা এগৰাকী যাত্ৰীক জৰুৰীকালীন চিকিৎসা প্ৰদান কৰি জীৱন ৰক্ষা কৰিলে এগৰাকী ৰাজ্যপালে। ৰাজ্যপালগৰাকীৰ এই মানৱ সেৱাই এতিয়া লাভ কৰিছে চৰ্চা। সামাজিক মাধ্যমতো ৰাজ্যপালক প্ৰশংসাৰে উপচাই পেলাইছে অনেকে।
দৰাচলতে শনিবাৰে পুৱা বিমানযোগে দিল্লীৰ পৰা হায়দৰাবাদলৈ উভতিছিল তেলেংগানাৰ ৰাজ্যপাল ডা০ তামিলসাই সৌন্দৰৰাজনে। তেওঁৰ সৈতে একেখন বিমানতে আছিল আইপিএছ বিষয়া কৃপানন্দ ত্ৰিপাঠী উজেলাও।

বিমানখন মধ্য আকাশত উৰি থকা সময়তে আইপিএছ বিষয়া কৃপানন্দ ত্ৰিপাঠী উজেলা হঠাৎ অসুস্থ হৈ পৰাৰ বিষয়ে ঘোষণা কৰে বিমান পৰিচাৰকে। অসুস্থ যাত্ৰীজনৰ চিকিৎসাৰ বাবে বিমানৰ ভিতৰত যদি কোনো চিকিৎসক উপস্থিত আছে, তেন্তে আগবাঢ়ি আহিবলৈও আহ্বান জনায় বিমানখনৰ কেপ্টেইনে।

ইয়াৰ পিছতে ৰাজ্যপাল ডা০ তামিলসাই নিজৰ আসনৰ পৰা উঠি আহি অসুস্থ যাত্ৰীজনক জৰুৰীকালীন চিকিৎসা প্ৰদান কৰে। যাৰ বাবে কিছু সময় পিছত যাত্ৰীজন কিছু পৰিমানে সুস্থ হৈ উঠে। বিমান অৱতৰণৰ পিছত অসুস্থ যাত্ৰীজনক চিকিৎলায়ত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, ৰাজ্যপাল হোৱাৰ উপৰিও পেছাত এগৰাকী চিকিৎসক তামিলসাই সৌন্দৰৰাজন। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে চিকিৎসা সেৱা প্ৰদান কৰি আহিছিল।
তেলেংগানাৰ বানপীড়িত অঞ্চল পৰিদৰ্শনৰ সময়তো চৰ্চালৈ আহিছিল তেওঁ। সেই সময়ত বান পৰিস্থিতিৰ বুজ ল’বলৈ গৈ তেওঁ খোজকাঢ়ি অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বন্যাৰ্তৰ সৈতে মত বিনিময় কৰি খাদ্য আৰু স্বাস্থ্যৰ বুজ লৈছিল।