চলন্ত অৱস্থাতে ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন বিলাসী বাহন, কথমপি প্ৰাণ ৰক্ষা চালকৰ…

চলন্ত অৱস্থাতে ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন বিলাসী বাহন, কথমপি প্ৰাণ ৰক্ষা চালকৰ।

শিৱসাগৰত ভটিয়াপাৰাৰ ৰাজপথৰ ওপৰতে দাওদাওকৈ জ্বলি উঠে এখন বাহন।

নৱজ্যোতি দত্ত নামৰ এজন লোকৰ ২০ লাখ টকীয়া হেক্টৰ গাড়ী জ্বলি ভস্ম হয়।

ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা দত্তই জামুগুৰিৰ পৰা শিৱসাগৰ নগৰ অভিমুখে আহি আছিল।

তেনেতে ভটিয়াপাৰৰ সমীপত এজন পথাচাৰীয়ে দত্তক গাড়ীৰ তললৈ দেখুৱাই এক ইংগিত দিয়ে।

প্ৰথম দত্তই বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল যদিও অকস্মাত দেখা পাই গাড়ীৰ বনেটত জুই। ততাতৈয়াকৈ তেওঁ গাড়ী ভটিয়াপাৰত ৰখাই নামে যদিও ইতিমধ্যে জুইয়ে গাড়ীখন আৱৰি ধৰে।

ভটিয়াপাৰত থকা অএনজিচি ৰীগৰ পৰা জুই নিৰ্বাপন কৰা সামগ্ৰীৰে জুই নোমোৱাৰ চেষ্টা কৰা হয় যদিও সফল নোহোৱাত ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী মাতিব লগা হয়।

অগ্নিনিৰ্বাপকবাহিনী আহি জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে জ্বলি শেষ হৈ যায় বিলাসী বাহনখন।

মাত্ৰ এবছৰ পুৰণি গাড়ীখনৰ কোনো যান্ত্ৰিক বিজুতি নাছিল যদিও কি কাৰণত এইদৰে জুইৰ সূত্ৰপাত হ’ল সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

Leave a Comment