চণ্ডীগড় পৌৰসভাৰ নিৰ্বাচনত ধৰাশায়ী হ’ল কংগ্ৰেছ-বিজেপি, AAP ৰ বৃহৎ জয়

নিউজ ডেস্ক। ২০২২ত অনুষ্ঠিত হ’ব পঞ্জাৱ বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিজৰ নিজৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
বৰ্তমানৰ শাসকীয় দল কংগ্ৰেছৰ উপৰিও বিৰোধী বিজেপিয়েও পঞ্জাৱ নিৰ্বাচনক লৈ ৰণনীতি প্ৰস্তুত কৰিছে। কিন্তু এইবাৰ পঞ্জাৱত সকলো ৰাজনৈতিক দলৰ বাবে মূল প্ৰত্যাহ্বান হৈ পৰিছে আম আদমী পাৰ্টী।
পঞ্জাৱত ভৰি থৈয়েই ইতিমধ্যে আম আদমী পাৰ্টীয়ে নিজৰ ক্ষমতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ ঘোষণা হোৱা চণ্ডীগড় পৌৰ সভা নিৰ্বাচনতো সকলোকে আচৰিত কৰি শীৰ্ষ স্থান অধিকৃত কৰিছে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে।
चंडीगढ़ नगर निगम में आम आदमी पार्टी की ये जीत पंजाब में आने वाले बदलाव का संकेत है।चंडीगढ़ के लोगों ने आज भ्रष्ट राजनीति को नकारते हुए AAP की ईमानदार राजनीति को चुना है।
— Arvind Kejriwal (@ArvindKejriwal) December 27, 2021
AAP के सभी विजयी उम्मीदवारों एवं सभी कार्यकर्ताओं को बहुत-बहुत बधाई।
इस बार पंजाब बदलाव के लिए तैयार है।
সোমবাৰে চণ্ডীগড় পৌৰসভাৰ ৩৫ টা ৱাৰ্ডৰ ফলাফল ঘোষণা কৰা হয়। এই ফলাফলত ১৪টা ৱাৰ্ডত জয়লাভ কৰি পঞ্জাৱত নিজৰ স্থিতি প্ৰদৰ্শন কৰে আম আদমী পাৰ্টীয়ে। আনকি চণ্ডীগড়ৰ বৰ্তমানৰ মেয়ৰ তথা বিজেপি প্ৰাৰ্থী ৰবিকান্ত শৰ্মাকো পৰাস্ত কৰিবলৈ সক্ষম হয় আম আদমী পাৰ্টীয়ে।

নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে ১২টা আৰু কংগ্ৰেছে ৮টা ৱাৰ্ডত জয়লাভ কৰে। অকালি দলে লাভ কৰে মাত্ৰ এখন আসন।
চণ্ডীগড় পৌৰ নিগমৰ ৩৫ টা ৱাৰ্ডত পুৱা ৯ বজাত ভোট গণনা আৰম্ভ হৈছিল। ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে, অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে ১৪টা ৱাৰ্ডত জয়লাভ কৰিছে। অৱশ্যে, আপৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ মুৰব্বী চন্দ্ৰমুখী শৰ্মা নিৰ্বাচনত পৰাজিত হয়।
Meet the giant killer, Damanpreet Singh, AAP's candidate from Ward no.17 Chandigarh, a dabha owner, who defeated Chandigarh's sitting mayor from BJP. This is the power of common man.#ChandigarhMunicipalResults #Chandigarh pic.twitter.com/kZwqqIabVj
— Raghav Chadha (@raghav_chadha) December 27, 2021
শীৰ্ষ নেতাসকলৰ ভিতৰত, বিজেপিৰ প্ৰাক্তন মেয়ৰ ৰবিকান্ত শৰ্মা নিৰ্বাচনত পৰাজিত হয়। তেওঁক পৰাস্ত কৰে আপৰ প্ৰাৰ্থী জছবীৰ সিঙে। আনহাতে বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মেয়ৰ দাভেশ মৌদগিল আৰু আন দুজন প্ৰাক্তন বিজেপি মেয়ৰও এইবাৰ পৌৰ সভাৰ নিৰ্বাচনত পৰাজিত হয়।

ইফালে আম আদমী পাৰ্টীয়ে নিৰ্বাচনৰ ফলাফলত যথেষ্ট আনন্দিত হৈ পৰিছে।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে টুইট কৰি কয়, “চণ্ডীগড় পৌৰ নিগমত আম আদমী পাৰ্টিৰ বিজয় পঞ্জাৱত পৰিৱৰ্তনৰ লক্ষণ। চণ্ডীগড়ৰ মানুহে আজি দুৰ্নীতিগ্ৰস্ত ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে আৰু আপৰ সৎ ৰাজনীতি বাছনি কৰিছে। সকলো বিজয়ী প্ৰাৰ্থী আৰু আপৰ সকলো কৰ্মীক অভিনন্দন। পঞ্জাৱ এইবাৰ পৰিৱৰ্তনৰ বাবে সাজু হৈছে।”