নিউজ ডেস্কঃ আৰক্ষীৰ দ্বাৰা সংঘটিত এক ভয়ংকৰ কাণ্ড।
হেলমেট নিপিন্ধাৰ বাবেই বাইক আৰোহী যুৱকৰ ওপৰত গুলীচালনা আৰক্ষীৰ।
এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বিহাৰৰ জেহানাবাদত।
আৰক্ষীৰ গুলীত আহত যুৱকজনৰ পৰিচয় সুধীৰ বুলি জানিব পৰা গৈছে।
যুৱকজনৰ পিতৃয়ে অভিযোগ কৰা অনুসৰি অকৰী আউট পোষ্টৰ আৰক্ষীয়ে যুৱকজনক অভাৰটেক কৰি সন্মুখৰ পৰা গুলীবিদ্ধ কৰে।

অভিযোগ অনুসৰি, অকৰী আউট পোষ্টৰ আৰক্ষীয়ে অনন্তপুৰ গাঁৱৰ সমীপত বাহন পৰীক্ষা কৰি আছিল।
সেই সময়তে বাইক আৰোহী সুধীৰে হেলমেট পৰিধান নকৰাৰ বাবে আৰু লগত ড্ৰাইভিং লাইচেন্স নথকাৰ বাবে আৰক্ষীক দেখি তীব্ৰ বেগত পলায়নৰ চেষ্টা চলায়।
যুৱকজনক পলায়ন কৰা দেখি কৰ্তব্যৰত আৰক্ষীয়ে পিছে পিছে খেদি গৈ সুধীৰৰ ওপৰত গুলীচালনা কৰে।
গুলীবিদ্ধ সুধীৰ বৰ্তমান জেহানাবাদৰ এখন হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
ইফালে সুধীৰৰ পিতৃয়ে পুত্ৰৰ ওপৰত গুলী চালনা কৰা আৰক্ষীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰি তদন্তৰ দাবী জনাইছে।
এই ঘটনা সন্দৰ্ভত ইতিমধ্যে দুগৰাকী সহকাৰী উপ-পৰিদৰ্শকসহ ৫ জন আৰক্ষীক নিলম্বনো কৰা হৈছে।