চাঞ্চল্যকৰ! চলাহী কথাৰে টেবলেট আৰু পানী খাবলৈ দি অচেতন এহাল কণমানি ভাতৃ-ভগ্নীক, নিশা উদ্ধাৰ পথাৰৰ মাজত…

নিউজ ডেস্কঃ কামৰূপ জিলাৰ বাইহাটাৰ সন্ধিয়াৰে পৰা সন্ধানহীন হৈ থকা একেটা পৰিয়ালৰ দুই কণমানি ভাতৃ-ভগ্নীক নিশা পথাৰৰ মাজত অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে, বাইহাটা চাৰিআলিৰ মাজগাঁৱৰ একেটা পৰিয়ালৰ নাচৰিণ মাচুম (১০) আৰু চান আলম (৪) নামৰ ভাতৃ-ভগ্নীহাল মঙলবাৰে সন্ধিয়াৰে পৰা নিখোজ হৈ আছিল।

পৰিয়াল আৰু অঞ্চলবাসীয়ে সাম্ভাব্য সকলো স্থানতে শিশু দুটিৰ সন্ধান বিচাৰে যদিও কোনো সম্ভেদ লাভ নকৰাত অৱশেষত ঘটনা সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই পুনৰ সমগ্ৰ অঞ্চলটো চলাথ কৰাত অৱশেষত ঘৰৰ পৰা নাতিদূৰৈত থকা এখন পথাৰৰ মাজত অচেতন অৱস্থাত দুয়োগৰাকী শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ পিছতে শিশু দুটিক বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

photo1674029804
চাঞ্চল্যকৰ! চলাহী কথাৰে টেবলেট আৰু পানী খাবলৈ দি অচেতন এহাল কণমানি ভাতৃ-ভগ্নীক, নিশা উদ্ধাৰ পথাৰৰ মাজত… 2

তাত শিশু দুটি কিছু পৰিমাণে সুস্থ হোৱাত কণমানি ভুক্তভোগী চান আলমে দিয়া ভাষ্যই স্তম্ভিত কৰি তোলে পৰিয়াল, অঞ্চলবাসীৰ লগতে আৰক্ষীকো।

শিশুটিয়ে দাবী কৰা মতে, সন্ধিয়া প্ৰায় ৭ বজাত দুয়োটি শিশু ঘৰৰ পদূলিমুখত ৰৈ থকা অৱস্থাত বাইকত অহা এজন অচিনাক্ত লোকে চলাহী কথাৰে শিশু দুটিক টেবলেট আৰু লগত অনা পানীৰ বটল খাবলৈ দিয়ে। যাৰ পিছতে অচেতন হৈ পৰে ভাতৃ-ভগ্নীহাল।

অচিনাক্ত লোকজনে কি কাৰণে দুয়োটা শিশুক এনেদৰে অচেতন কৰিলে, সেয়া এতিয়াও স্পষ্ট নহয় যদিও ঘটনাৰ বিৱৰণীয়ে সমগ্ৰ অঞ্চলবাসীক আতংকিত কৰি ৰাখিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰিছে।