চকা ফুটাৰ বাবে পথত ৰখাই থােৱা ইক’স্পৰ্টছ বাহনত প্ৰচণ্ড খুন্দা স্ক’ৰপিঅ’ৰ, এজনৰ মৃত্যু

নিউজ ডেস্ক। গুৱাহাটী মহানগৰীৰ উপকণ্ঠৰ ক্ষেত্ৰী চক্ষুৰাবস্তিত এক পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি ২ মান বজাত উজনিৰ পৰা গুৱাহাটী মহানগৰ অভিমুখী এ এছ-০১ ডি এফ-৪৯২০ নম্বৰৰ ফ’ৰ্ড ইকো স্প’ৰ্টছ বাহনখনৰ ক্ষেত্ৰীৰ চক্ষুৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চকা ফুটে।

আৰোহীসকল নামি বাহনখন পৰীক্ষা কৰি থকাৰ সময়তে একে দিশৰে আহি থকা এ এছ-০১ এ এন-৩৬৭০ নম্বৰৰ স্ক’ৰপিঅ’ বাহনখনে ইকো ফ’ৰ্ডখনৰ আৰোহী তিনিজনক মহটিয়াই নিয়াৰ ফলত ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী (৫৩) নামৰ লোকজনৰ থিতাতে মৃত্যু হয়।

নিহত লােকজনৰ ঘৰ গুৱাহাটী বিৰুবাৰী গোপীনাথ নগৰত বুলি জানিব পৰা গৈছে।

এই ঘটনাত গুৱাহাটীৰ এবিচিৰ তিলক প্ৰসাদ তিৱাৰী (৩০) আৰু বিৰুবাৰীৰ সুকুমাৰ ছেত্ৰী (৫১) নামৰ লোক দুজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ আহত লোক দুজনক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে।

অৱস্থা গুৰুতৰ হোৱাত দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনা সংঘটিত কৰা স্ক’ৰপিঅ’ বাহনখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালকজনকো আটক কৰে ক্ষেত্ৰী আৰক্ষীয়ে।

লগতে চাওকঃ

এম্বুলেন্সৰ সৈতে ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৰােগীসহ ৪ জনৰ শােকাৱহ মৃত্যু

Leave a Comment