fbpx
অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১৫ ফেব্ৰুৱাৰী, বুধবাৰ

মেষ ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ’ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো এটা শুভ দিন। এজন প্ৰবক্তাৰ বাবে এখন মহাবিদ্যালয়ৰ পৰা চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে। ই আপোনাৰ পৰীক্ষাৰ প্ৰস্তুতি উন্নত কৰিব। ইলেক্ট্ৰনিকছ বিভাগৰ সৈতে সম্পৰ্কিত লোকসকল আৰ্থিকভাৱে লাভাৱাম্বিত হব পাৰিব। আজি, হঠাতে আপোনাৰ ওচৰৰ কোনো আলহীৰ ঘৰলৈ আগমণ ঘটিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

বৃষ ৰাশি– আত্মবিশ্বাস বৃদ্ধি পাব। কিন্তু ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে অভিজ্ঞজনৰ সৈতে আলোচনা কৰক। আজি আপুনি ভাল টকা উপাৰ্জন কৰিব কিন্তু ব্যয় বৃদ্ধিয়ে আপোনাৰ বাবে সঞ্চয় কৰাটো অধিক কঠিন কৰি তুলিব। যদি আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাব নোৱাৰে, আপুনি ঘৰত সমস্যা আশা কৰিব পাৰে। আজি প্ৰেমৰ অভাৱ হ’ব পাৰে। কাৰ্যালয়ত আনন্দৰ পৰিৱেশ থাকিব। শত্ৰুৰ পৰা সাৱধান হওক।

মিথুন ৰাশি- আজিৰ দিনটো শিক্ষাৰ্থী, শিল্পী আৰু খেলুৱৈসকলৰ বাবে এটা ভাল দিন। আৰ্থিকভাৱে লাভান্বিত হ’ব। মনোবল বৃদ্ধি হব। সেয়েহে, কামৰ সফলতাত কোনো বাধা নাথাকিব। তথাপিও যদি সম্ভৱ হয়, বাহিৰত খাদ্য গ্ৰহণ কৰাৰ পৰা আতৰি থাকক। পঢ়া আৰু লিখাত আপোনাৰ আগ্ৰহ বৃদ্ধি হ’ব। আপুনি ধন সম্পৰ্কীয় সংগঠিত কাৰ্যসূচী আয়োজন কৰাত সফল হ’ব। পত্নীৰ স্বাস্থ্যৰ যতন লওক।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

কৰ্কট ৰাশি- আজি ব্যয়ৰ পৰিমাণ উপাৰ্জনতকৈ অধিক হ’ব। আপুনি আজি যি কৰি আছে সেয়া ইতিবাচকতাৰে কৰক। বাহন আদি ক্ৰয় কৰাৰ যোগ আছে। পত্নীৰ সৈতে হোৱা বাৰ্তালাপত অলপ নম্ৰতা বজাই ৰাখিব, অন্যথা সম্পৰ্কটো তিক্ত হ’ব পাৰে। ব্যৱসায় সক্ৰান্তীয় কাৰণত ভ্ৰমণ কৰিবলগা হ’ব পাৰে। ক্ষুদ্র ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভৰ দিন।

সিংহ ৰাশি- মানসিক চাপ বৃদ্ধিয়ে আপোনাক ব্যতিব্যস্ত কৰি তুলিব পাৰে। নতুন কাৰ্যত হাত দিয়াৰ পূৰ্বে ভালদৰে চালিজাৰি চাইহে আৰম্ভ কৰক। ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যৰ অৱনতিয়ে অলপ চিন্তিত কৰিব পাৰে। ব্যয় বৃদ্ধি পাব। ঘৰুৱা জীৱনত কিছু চাপ থাকিব পাৰে।

কন্যা ৰাশি- আজি আপোনাৰ বৌদ্ধিক সামৰ্থ্যই আপোনাক আপোনাৰ ত্ৰুটিবোৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব। আজিৰ দিনটো শৰীৰ আৰু মনৰ সতেজতাৰ অভিজ্ঞতাৰে আৰম্ভ হ’ব। বন্ধু বৰ্গ আৰু পৰিয়ালৰ সৈতে বা বাহিৰৰ কোনো ঠাইত, আপুনি আপোনাৰ প্ৰিয় খাদ্য খোৱাৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত কামৰ বোজা হ্ৰাস পাব। পত্নীৰ সৈতে কিছু নিবিড় সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

তুলা ৰাশি- মানসিক শক্তি বৃদ্ধি পাব। আত্মবিশ্বাসো বৃদ্ধি পাব। পৰিয়ালৰ সমৰ্থনত ব্যৱসায় সম্প্ৰসাৰিত কৰিব পাৰে। কথা কওতে মিতভাষী হ’বলৈ যত্ন কৰক। অযথা খং পৰিহাৰ কৰি চলক। মিঠা খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব। যদি আপুনি আপোনাৰ পত্নীৰ পৰা পৰামৰ্শ লয়, ই লাভজনক হ’ব পাৰে।

বৃশ্চিক ৰাশি- শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে আজি তীব্ৰ লোকচনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বন্ধুবৰ্গৰ সৈতে সন্ধিয়াটো যথেষ্ট আনন্দদায়ক হব। কিন্তু আনৰ আগত নিজৰ কথা খুলি কোৱাৰ সময়ত সংযত হওঁক। বন্ধুৰ সৈতে মতানৈক্য ঘটিব পাৰ। পত্নীৰ স্বাস্থ্যৰ যতন লওক। মাতৃৰ পৰা আৰ্থিক সমৰ্থন লাভ কৰিব পাৰে।

ধনু ৰাশি- সৃষ্টিশীল কামৰ সৈতে জড়িত সকলে আজি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। মনত হাতাশাৰ চাপ থাকিব পাৰে। সামাজিক স্থানলৈ যাওতে স্ব-সংযত হওক। পৰিয়ালৰ সৈতে কোনো ঠাইলৈ ফুৰিবলৈ যাব পাৰ। পত্নীৰ সৈতে সাধাৰণ মানসিক সংঘাত থাকিব যদিও নিশালৈ সেয়া আতৰি যাব। আত্মবিশ্বাস হ্ৰাস পাব। শিশুৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে।

লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল

মকৰ ৰাশি- চাকৰিয়াল সকলে কামৰ খাতিৰত বিদেশ ভ্ৰমণ কৰিবলগা হ’ব পাৰে। ব্যৱসায়ী সকলৰ বাবেও আজিৰ দিনটো শুভ। নতুন ব্যৱসায়ৰ পৰা আজি অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব। মাতৃৰ স্বাস্থ্যৰ যতন লওক। নিজৰো স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। পিতৃৰ সহযোগিতা লাভ কৰিব। দা্ম্পত্য জীৱন সুখৰ হব।

কুম্ভ ৰাশি- পুৰণি ৰোগত আক্ৰান্ত সকলে আজি কিছু সুস্থ অনুভৱ কৰিব। আনক প্ৰভাৱিত কৰাৰ বাবেই যদি অতিৰিক্ত ধন ব্যয় কৰে, তেন্তে আৰ্থিক সমস্যাত পৰিব পাৰ। ঘৰত কোনো মাংগলিক অনুষ্ঠান সম্পন্ন হ’ব পাৰে। পত্নীৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। বাহন যাত্ৰা কৰাৰ সময়ত সাৱধান হওক।

মীন ৰাশি- মিশ্ৰিত অনুভূতিয়ে আজি আপোনাক দুখী কৰি তুলিব। আপোনাৰ মনোভাৱ নিয়ন্ত্ৰণত ৰাখি সুখী হ’বলৈ চেষ্টা কৰক। সাহিত্য, শিল্পৰ সৈতে জড়িত সকলে আজি সন্মান লাভ কৰিবলৈ সক্ষম হ’ব। পিতৃৰ সিদ্ধান্তক গুৰুত্বসহকাৰে লৈ আজি ব্যৱসায়ত আগবাঢ়িলে সুফল পাব। দীৰ্ঘদিন ধৰি চলি থকা আইনী কাম আজি সম্পন্ন হ’ব পাৰ। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰ। খং পৰিহাৰ কৰক।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!