
দৈনিক ৰাশিফলঃ ১৪ ফেব্ৰুৱাৰী, মঙলবাৰ
মেষ ৰাশি- শান্ত থাকক। ধৈৰ্য্য ধৰিবলৈ চেষ্টা কৰক। শৈক্ষিক কামত সফলতা লাভ কৰিব। ব্যৱসায়ত লাভ বৃদ্ধি হ’ব। পাৰিবাৰিক জীৱন সুখী হ’ব। প্ৰকৃতিত বিৰক্তি থাকিব। মানসিক শান্তি থাকিব। কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতি থাকিব। নিযুক্তিৰ সুযোগ লাভ কৰিব।
বৃষ ৰাশি– আত্মবিশ্বাস অধিক হ’ব। চাকৰিৰ সাক্ষাৎকাৰৰ কামত সফলতা লাভ কৰিব। চৰকাৰী ক্ষমতাৰ সহযোগিতা পাবলৈ সক্ষম হব। বাহন ক্ৰয়ৰ যোগ আছে। কৰ্মক্ষেত্ৰত বিষয়াসকলৰ সহযোগিতা লাভ কৰিব। আজি কোনো পুৰণি বন্ধুক লগ পাব পাৰে। উপাৰ্জন হ্ৰাস আৰু ব্যয় বৃদ্ধিয়ে আৰ্থিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। শৈক্ষিক কামত ব্যাঘাত হ’ব পাৰে।
মিথুন ৰাশি- আজি আপোনাৰ মিতভাষীতাই সহজতে আনক আকৰ্ষিত কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায়িক পৰিস্থিতি উন্নত হ’ব। পৰিশ্ৰম বৃদ্ধি পাব। আজি উপাৰ্জন বৃদ্ধি হলেও টকা খৰছ কৰোতে সাৱধান হওক। বাহন ক্ৰয় বা মেৰামতিৰ নামত ব্যয় বৃদ্ধি হব। চাকৰিৰ খাতিৰত ভ্ৰমণ কৰিবলগা হব পাৰে। স্থগিত হৈ থকা কামবোৰ সম্পূৰ্ণ হ’বলৈ আৰম্ভ কৰিব। উপাৰ্জনৰ উৎস বিকশিত হ’ব পাৰে। পৰিয়ালৰ পৰিস্থিতি একেই থাকিব।
লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল
কৰ্কট ৰাশি- আত্মবিশ্বাস বৃদ্ধি হ’ব। মনটো সুখী হ’ব। পাৰিবাৰিক জীৱন সুখী হ’ব। পৰিয়ালটোত পাৰস্পৰিক সম্প্ৰীতি থাকিব। ধৰ্মীয় কামত মন দিব পাৰে। মানসিক শান্তি থাকিব। শাসকীয় শক্তিৰ সহযোগিতা লাভ কৰিব। বস্ত্ৰ আদি উপহাৰ লাভ কৰিব পাৰে। আজি আনক টকা ধাৰলৈ দিয়াৰ পৰা বিৰত থাকক। ভ্ৰমণৰ সম্ভাৱনা আছে।
সিংহ ৰাশি- বৃথা খং আৰু তৰ্ক পৰিহাৰ কৰক। ধৰ্মীয় স্থানলৈ যোৱাৰ বাবে পৰিকল্পনা কৰিব পাৰে। ব্যয় বৃদ্ধি হ’ব। স্বাস্থ্য সচেতন হওক। কৰ্মক্ষেত্ৰত বিষয়াসকলৰ সৈতে মত পাৰ্থক্য থাকিব পাৰে। ইচ্ছাৰ বিৰুদ্ধে কিছু অতিৰিক্ত দায়িত্ব থাকিব পাৰে। মনত হতাশা আৰু অসন্তুষ্টিৰ অনুভূতি থাকিব। পৰিয়ালৰ দায়িত্ব বৃদ্ধি হ’ব পাৰে।
কন্যা ৰাশি- মনটো বিচলিত হ’ব পাৰে। পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। চাকৰিটোত পদোন্নতিৰ পথ প্ৰশস্ত হ’ব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ’ব পাৰে। প্ৰকৃতিত বিৰক্তি থাকিব। অতিৰিক্ত ব্যয় হ’ব। বহু দিন ধৰি বিচ্ছেদ ঘটা কোনো পুৰণি বন্ধুৰ সৈতে আজি আপোনাৰ পুনৰমিলন ঘটিব পাৰে। মাতৃৰ সহযোগিতা লাভ কৰিব।
লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল
তুলা ৰাশি- দিনটো আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ’ব। পৰিয়ালটোত পাৰস্পৰিক সম্প্ৰীতি থাকিব। ব্যৱসায়ৰ বিকাশত পাৰিবাৰিক সমৰ্থন পোৱা যাব পাৰে। লাভ বৃদ্ধি হ’ব। সম্পত্তিৰ জৰিয়তে উপাৰ্জনৰ নতুন পথ লাভ কৰিব পাৰে। উচ্চ শিক্ষাৰ বাবে বিদেশ ভ্ৰমণ কৰিবললগা হব পাৰে। মনটো অস্থিৰ হৈ থাকিব। চাকৰিত বিষয়াসকলৰ সহযোগিতা থাকিব।
বৃশ্চিক ৰাশি- আত্মনিৰ্ভৰশীল হৈ থাকক। মানসিক শান্তিৰ বাবে চেষ্টা কৰক। চাকৰিটোত পদোন্নতিৰ সুযোগ থাকিব পাৰে। কঠোৰ পৰিশ্ৰম অধিক হ’ব। প্ৰগতিৰ পথ প্ৰশস্ত হ’ব। উপাৰ্জন বৃদ্ধি হ’ব। পৰিয়ালটোত ধৰ্মীয় কাৰ্যকলাপ থাকিব। বিনিয়োগৰ পূৰ্বে আজি অভিজ্ঞ জনৰ সৈতে আলোচনা কৰক। ভাতৃ-ভগ্নীৰ সৈতে আজি কোনো কথাত মত বিৰোধ ঘটিব পাৰে।
ধনু ৰাশি- শৈক্ষিক কামৰ প্ৰতি প্ৰৱণতা বৃদ্ধি হ’ব পাৰে। নিষ্ফল খং আৰু তৰ্ক পৰিহাৰ কৰক। আপুনি শৈক্ষিক বা বৌদ্ধিক কামৰ বাবে যাত্ৰা কৰিব পাৰে। এই যাত্ৰা আপোনাৰ বাবে লাভজনক হ’ব। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হৈ চলক। আপুনি এজন ৰাজনীতিবিদক লগ পাব পাৰে। বাহন আদি ক্ৰয় কৰিব পাৰে। ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। মিঠা খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব।
লগতে চাওকঃ আপোনাৰ সাপ্তাহিক ৰাশিফল
মকৰ ৰাশি- মানসিক শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। পৰিয়ালৰ পৰা সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। পৈত্তৃক সম্পত্তিৰ জৰিয়তে ধন উপাৰ্জন কৰিব পাৰে। পত্নীৰ স্বাস্থ্য উন্নত হ’ব। পিতৃ-মাতৃৰ সহযোগত ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। ক্ষুদ্ৰ ব্যৱসায়ীসকলে অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম হব। ধৈৰ্য্যৰ অভাৱ হ’ব। বাহন আদি ক্ৰয় কৰিব পাৰে।
কুম্ভ ৰাশি- শিক্ষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। শৈক্ষিক কামে আশাপ্ৰদ ফলাফল প্ৰদান কৰিব। দাম্পত্য জীৱন সুখৰ হব। অতিৰিক্ত ব্যয় বৃদ্ধি পাব, যাৰ বাবে আজি আপুনি আৰ্থিক সমস্যাৰো সন্মুখীন হবলগীয়া হব পাৰে। বন্ধুবৰ্গৰ সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ যত্ন লওক। চাকৰিয়াল সকলে বদলিৰ সুযোগ লাভ কৰিব। বাৰ্তালাপত সন্তুলিত হওক।
মীন ৰাশি- মন সুখী হ’ব। শৈক্ষিক কামত সফলতা লাভ কৰিব পাৰিব। পৈতৃক সম্পত্তিৰ পৰা ধন লাভ কৰিব পাৰে। আপোনাৰ স্বাস্থ্যৰ যত্ন লওক। ব্যয় অধিক হ’ব পাৰে। চাকৰিত পদোন্নতিৰ পথ প্ৰশস্ত হ’ব। সঞ্চিত সম্পদ বৃদ্ধি হ’ব। মনত আশা আৰু হতাশাৰ মিশ্ৰিত অনুভূতি থাকিব। দূৰ ভ্ৰমণ এৰাই চলক। সামাজিক স্থানত মিতভাষী হওক।