
নিউজ ডেস্কঃ ঘৰৰ কাম কৰাৰ বাবদ লাভ কৰিবলগীয়া ধন পৰিশোধ নকৰাৰ বাবেই ৰাজপথত বিলাসী মাৰ্চিডিজ জ্বলাই দিলে এজন ৰাজমিস্ত্ৰীয়ে।
এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ৰণবীৰ নামৰ ৰাজমিস্ত্ৰীজনক।

দেওবাৰে পুৱা নয়ডাৰ ৩৯নং চেক্টৰত সংঘটিত হয় এই আশ্বৰ্যজনক ঘটনা। ভাইৰেল ভিডিঅ’ত দেখিবলৈ পোৱা মতে, ৰাজপথত হেলমেট পৰিহিত এজন ব্যক্তিয়ে এখন বগা ৰঙৰ মাৰ্চিডিজত প্ৰথমে পেট্ৰ’ল ঢালি তাৰ পিছত জ্বলাই দিয়ে।
অভিযোগ অনুসৰি ৰণবীৰ নামৰ ৰাজমিস্ত্ৰীজনক ঘৰত টাইলছ লগোৱাৰ ঠিকা দিছিল মাৰ্চিডিজখনৰ গৰাকীয়ে। কিন্তু কাম সম্পূৰ্ণ কৰাৰ পাচতো তেওঁ পাবলগীয়া ৬৫ হাজাৰ টকা পৰিশোধ নকৰাত পথৰ ওপৰতে দুয়োৰে মাজত তৰ্কাতৰ্কিৰ সূত্ৰপাত ঘটে। আৰু তাৰ পৰণতিস্বৰূপে মালিকৰ মাৰ্চিডিজ খনত অগ্নিসংযোগ কৰে ৰণবীৰে।
Furious over non payment of ₹ 68,000, a labourer set Mercedes car on fire in Noida’s Sector 39.
— The New Indian (@TheNewIndian_in) September 14, 2022
He has been arrested, reports @AlokReporter pic.twitter.com/6bs98vAs1l
ইফালে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে আৰু মাৰ্চিডিজৰ গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ৰাজমিস্ত্ৰী ৰণবাৰীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমতো।