ঘৰত কাম কৰা ল’ৰা-ছোৱালী ৰাখে নেকি, সাৱধান হওক! মুখ্যমন্ত্ৰীয়ে জাৰি কৰিছে এই নিৰ্দেশনা…

ঘৰত কাম কৰা ল’ৰা-ছোৱালী ৰাখে নেকি?

যদি ৰাখে তেন্তে সাৱধান হওক।

কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা।

সঘনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে বনকৰা শিশু, কিশোৰ-কিশোৰী নিৰ্যাতন আদি ঘটনাৰ পৰিপেক্ষিতত এইবাৰ কঠোৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে অসম চৰকাৰ।

ঘৰুৱা সহায়কাৰিক লৈ অচিৰেই চৰকাৰে নতুন আইন আনিব বুলি আজি বিধানসভাৰ শৰৎ কালীন অধিৱেশনত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে বিধানসভাত জনায় যে, বিজেপি চৰকাৰে ঘৰুৱা সহায়ক হিচাপে কাম কৰা লোকসকলক সুৰক্ষা দিবলৈ এখন আইন আনিব যি মানৱ সৰবৰাহৰ ঘটনাসমূহক পোনপটীয়াকৈ প্ৰভাৱিত কৰিব।

তেওঁ কয়- এটা মানসিকতা আছে যে, যেতিয়া শিশু বা কিশোৰক কামৰ উদ্দেশ্যে আন ৰাজ্যলৈ লৈ যোৱা হয় ইয়াক মানৱ সৰবৰাহ বুলি গণ্য কৰা হয় কিন্তু যেতিয়া একেটা শিশুক ঘৰুৱা সহায়ক হিচাপে অসমে বেলেগ জিলা বা স্থানলৈ লৈ যোৱা হয়, ইয়াক উপেক্ষা কৰা হয়। মই বিশ্বাস কৰোঁ যে ১৪ বছৰৰ তলৰ শিশু পিতৃ-মাতৃৰ পৰা পৃথক হৈছে সি এক প্ৰকাৰৰ সৰবৰাহ।

লগতে তেওঁ কয়, প্ৰস্তাৱিত আইন অনুসৰি, এনে ঘৰুৱা সহায়কৰ নিয়োগকৰ্তাসকল শিশুটোৰ শিক্ষা আৰু স্বাস্থ্যৰ বাবে দায়বদ্ধ হ’ব লাগিব। লগতে ঘৰুৱা সহায়কৰ প্ৰমাণপত্ৰ স্থানীয় আৰক্ষীৰ ওচৰত বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব।