ঘৰতে খুলি লৈছিল ‘DTO’ কাৰ্যালয়, যােগান ধৰে ভুৱা নম্বৰ প্লেট! গ্ৰেপ্তাৰ কুখ্যাত অপৰাধী

June 6, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পৰিবহন বিভাগে যান-বাহনত হাই চিকিউৰিট নম্বৰ প্লেট ব্যৱহাৰ কৰাটাে বাধ্যতামূলক কৰিছে।

মূলতঃ যান-বাহনৰ চুৰি তথা পুনৰ বিক্ৰী ৰােধ কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বলৱৎ কৰা হৈছিল এই নিয়ম।

পিচে এই নতুন আইনকাে যেন ভেঙুচালি কৰি ভুৱা হাই চিকিউৰিটি নম্বৰ প্লেট প্ৰস্তুত কৰিছে বাহন চুৰি চক্ৰৰ সৈতে জড়িত চক্ৰই।

শেহতীয়াকৈ গােৱালপাৰা জিলাত আৰক্ষীৰ এক অভিযানত পােহৰলৈ আহিছে এই তথ্য।

জানিব পৰা মতে, শুকুৰবাৰে নিশা ৰংজুলি থানাৰ অন্তৰ্গত ফৰেষ্ট-কাণকাটাত চোৰাং বাইক ব্যৱসায়ী চক্ৰৰ মূল নায়ক আব্দুল বাৰেকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

এই লােকজনৰ ঘৰৰ পৰা গাড়ীৰ নম্বৰ বনোৱা মেচিন, গাড়ীৰ ৰেজিষ্ট্ৰেচন বনোৱা ছফ্টৱেৰসহ লেপটপ, প্ৰিণ্টাৰ মেচিন, ছাব্বিশযোৰা নম্বৰপ্লেট, তিনিখন বাইক, বাইকৰ ইঞ্জিন নম্বৰ, চেছিছ নম্বৰ বনোৱা মেচিনকে ধৰি বাইক মেৰামতি কৰা বৃহৎ পৰিমাণৰ সা-সঁজুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে।

জানিব পৰা মতে, আব্দুল বাৰেকে নিজ ঘৰতে যেন বনাই লৈছিল ডি টি অ’ অফিচ।

তেওঁৰ ঘৰতে কোম্পানীয়ে মোহৰ মাৰি দিয়া বাইকৰ ইঞ্জিন নম্বৰ, চেছিছ নম্বৰ উঠাই নতুন ইঞ্জিন নম্বৰ, চেছিছ নম্বৰ বহুৱাই সেই অনুসৰি বাইকৰ ভুৱা ৰেজিষ্ট্ৰেচন কৰি নম্বৰ প্লেট বনোৱা হয়।

তাৰ পিছত গ্ৰাহকক বিক্ৰী কৰা হয়, যিটো ভুৱা নম্বৰ বা ভুৱা ৰেজিষ্ট্ৰেচন কাৰ্ড বুলি ধৰাটো সহজসাধ্য নহয়।

এইদৰে দীৰ্ঘদিনৰ পৰা চোৰাং বাইক ব্যৱসায়ী চক্ৰটোৱে সমগ্ৰ অসমত ব্যৱসায় চলাই আছিল। আব্দুল বাৰেকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন লোকক সোধা-পোছাৰ বাবে আটক কৰে।

লগতে চাওকঃ

জুৱাৰীক উৎকােচ লৈ এৰি দিয়াৰ অভিযােগত আটক হ’ল এজন ASI