fbpx
আন্তঃৰাষ্ট্ৰীয়অসমীয়া

ঘোষণা হ’ল ২০২২ বৰ্ষৰ অস্কাৰ, ‘CODA’লৈ শ্ৰেষ্ঠ ছবিৰ খিতাপ, শ্ৰেষ্ঠ অভিনেতা উইল স্মিথ…

নিউজ ডেস্ক। ঘোষণা কৰা হ’ল ৯৪ সংখ্যক অস্কাৰ বঁটা।

দেওবাৰে ঘোষণা কৰা ২০২২ বৰ্ষক একাডেমী বঁটাত এইবাৰ তিনিটা বঁটাৰে জিলিকি উঠিল ‘কোডা’ ছবি।

ছবিখনে শ্ৰেষ্ঠ চলচ্ছিত্ৰৰ বঁটা লাভ কৰাৰ উপৰিও শ্ৰৱণ শক্তিহীন অভিনয়ৰ বাবে ট্ৰয় কোটচুৰে শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা আৰু শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।

চিয়ান হেডাৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এই চলচ্চিত্ৰখন ২০১৪ চনৰ ফৰাচী চলচ্চিত্ৰ লা ফামিল বেলিয়াৰৰ ইংৰাজী ৰিমেক।

চলচ্চিত্ৰখনৰ মূল কাহিনী এটা বধিৰ পৰিয়ালৰ একমাত্ৰ শ্ৰৱণ সদস্যই পৰিয়াল আৰু ব্যৱসায়ৰ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ চলোৱা সংগ্ৰামৰ মাজেৰে আগবাঢ়িছে।

p7 4

‘দ্য পাৱাৰ অৱ দ্য ডগ’ ছবিক চেৰ পেলাই ‘কোডা’ই লাভ কৰিবলৈ সক্ষম হয় শ্ৰেষ্ঠ চলচ্ছিত্ৰৰ বঁটা।

ইফালে, এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰে উইল স্মিথে। ‘কিং ৰিচাৰ্ড’ ছবিৰ বাবে তেওঁ এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আনহাতে দ্য আইজ অৱ টেমী ফায়েৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ লাভ কৰে জেছিকা চেষ্টেনে।

আৰিয়ানা ডিবোচে ষ্টিভেন স্পিলবাৰ্গৰ ৱেষ্ট চাইড ষ্টৰীৰ ৰিমেকত অনিতাৰ চৰিত্ৰত অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ৬০ বছৰ পূৰ্বে মূল ছবিখনৰ অনিতা চৰিত্ৰত অভিনয়ৰ বাবে ৰীতা মোৰেনোৱেও অস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে ‘ডিউন’ নামৰ ছবিখনে মনোনীত ১০ টা বঁটাৰ ভিতৰত ৬টা খিতাপ লাভ কৰে। জাপানৰ ‘ড্ৰাইভ মাই কাৰ’-এ শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম, ‘এনকাণ্টোৱ’-এ শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্মৰ খিতাপ লাভ কৰে।

উল্লেখ্য যে, আন বছৰৰ দৰে এইবাৰো অস্কাৰক লৈ সৃষ্টি হয় বিতৰ্কৰ। তীব্ৰ সমালোচনাৰ স্বত্বেও, ৮টা বঁটা অফ-কেমেৰা প্ৰদান কৰা হয় এইবাৰ। শ্ৰেষ্ঠ ছবিৰ মনোনীত ৱেষ্ট চাইড ষ্টৰীৰ তাৰকা অভিনেত্ৰী ৰাচেল জেগলাৰে ছ’চিয়েল মিডিয়াত অস্কাৰলৈ নিমন্ত্ৰণ পোৱা নাই বুলি প্ৰকাশ কৰাৰ পিছতে সৃষ্টি হয় আন এক বিতৰ্কৰ।

অভিনেতা ৰেজিনা হল, এমি শ্বুমাৰ আৰু ৱাণ্ডা চাইকছে লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ৯৪তম একাডেমী বঁটা আয়োজন কৰে। চেমুৱেল এল জেকচন, লিভ উলমান আৰু লেখক-অভিনেতা-পৰিচালক এলেইন মেক সন্মানীয় অস্কাৰ প্ৰদান কৰা হয়। ডেনি গ্লোভাৰে জিন হাৰ্শ্বল্ট মানৱতাবাদী বঁটা লাভ কৰে।

২০২২ বৰ্ষৰ অস্কাৰ বিজয়ী সকল হৈছে-

শ্ৰেষ্ঠ ছবিঃ কোডা

শ্ৰেষ্ঠ পৰিচালকঃ জেন কেম্পিয়ন (দ্য পাৱাৰ অৱ দ্য ডগ)

শ্ৰেষ্ঠ অভিনেত্ৰীঃ জেছিকা চেষ্টাইন (দ্য আইজ অৱ টেমী ফায়ে)

শ্ৰেষ্ঠ অভিনেতাঃ উইল স্মিথ (কিং ৰিচাৰ্ড)

শ্ৰেষ্ঠ সহঅভিনেত্ৰীঃ আৰিয়ানা ডিবোজ (ৱেষ্ট চাইড ষ্টৰী)

শ্ৰেষ্ঠ সহঅভিনেতাঃ ট্ৰয় কোটচুৰ (কোডা)

শ্ৰেষ্ঠ মূল চিত্ৰনাট্যঃ বেলফাষ্ট

শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য: কোডা

শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম: ড্ৰাইভ মাই কাৰ (জাপান)

শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম: এনকাণ্টো

শ্ৰেষ্ঠ ডকুমেণ্টৰী ফীচাৰ: ছামাৰ অৱ চউল

শ্ৰেষ্ঠ ডকুমেণ্টৰী চৰ্ট: দ্য কুইন অৱ বাস্কেটবল

শ্ৰেষ্ঠ এনিমেটেড চৰ্ট: দ্য উইণ্ডশ্বিল্ড ৱাইপাৰ

শ্ৰেষ্ঠ লাইভ একচন চৰ্ট: দ্য লং গুডবাই

শ্ৰেষ্ঠ অৰিজিনেল স্ক’ৰ: ডিউন

শ্ৰেষ্ঠ অৰিজিনেল চং: ন’ টাইন টু ডাই

শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী: ডিউন

শ্ৰেষ্ঠ পোছাক ডিজাইন: ক্ৰুৱেলা

শ্ৰেষ্ঠ প্ৰডাকশ্যন ডিজাইন: ডিউন

শ্ৰেষ্ঠ মেকআপ এণ্ড হেয়াৰ: দ্য আইজ অৱ টেমী ফায়ে

শ্ৰেষ্ঠ চাউণ্ড: ডিউন

শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা: ডিউন

সৰ্বশ্ৰেষ্ঠ ভিজুৱেল ইফেক্ট: ডিউন

Related Articles

Leave a Reply

Back to top button