ঘোষণা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল।
ছেবাৰ কম্পাৰ্টমেণ্টেল ফলাফল আজি পুৱা ১০ বজাত ঘোষণা কৰা হয়।
কম্পাৰ্টমেণ্টেল পৰীক্ষাত মুঠ ২৩,৯০৩ জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
ইয়াৰ ভিতৰত ৰাজ্যৰ ১২,৮৬১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
উক্ত পৰীক্ষাত প্ৰথম বিভাগত ৯৯ জন, দ্বিতীয় বিভাগত ৬,২৭৬ জন আৰু তৃতীয় বিভাগত ৬,৪৮৬ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
ৰ্ষৰ জুলাই মাহৰ ২৫ তাৰিখৰ পৰা ৩০ তাৰিখলৈকৈ অনুষ্ঠিত হৈছিল মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা।
২০২২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেলত উত্তীৰ্ণৰ হাৰ ৫৩ শতাংশ।
উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ-ছাত্ৰীয়ে HSLC/AHM প্ৰমাণপত্ৰ প্ৰাপ্ত কৰাত ব্যৰ্থ হৈছিল সেই সকলো শিক্ষাৰ্থীয়ে ছেবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা,২০২২ হিচাপে আন এটা সুযোগ পাইছিল।