ঘোষণা হ’ল পৰীক্ষা বিহীন উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল, কেইবাখনো জিলাৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ…

ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।

বিশেষ মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা হৈছে এইবাৰৰ ফলাফল।

পুৱা ৯বজাৰ লগে লগে আনুষ্ঠানিক ভাৱে ঘোষণা হয় ফলাফল।

মুঠ ১১ টা ডিজিটেল ৱেবচাইট আৰু দুটা এনৰইড ম’বাইল এপছত উপলব্ধ হয় উচ্চতৰ মাধ্যমিকৰ ফলাফল।

এইবাৰ মূঠ উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ।

ইয়াৰে বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ।

বানিজ্য শাখাৰ উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ।

কলা শাখাৰ উত্তীৰ্ণ হাৰ ৯৮.৯৩ শতাংশ।

কলা শাখাত অৱতীৰ্ণ হৈছিল ১,৯১,৮৫৫ গৰাকী পৰীক্ষাৰ্থী।

কলা শাখাত প্রথম বিভাগত উত্তীৰ্ণ ৫৮,২৪৪ গৰাকী।

কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮৯,৫২০ গৰাকী।

কলা শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ৪২,০২৯ গৰাকী।

বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৩৮,৪৩০ গৰাকী শিক্ষাৰ্থী।

বিজ্ঞান শাখাত ৩২,৯১৭ জন প্রথম বিভাগত উত্তীৰ্ণ।

বিজ্ঞান শাখাত ৪,৬০৯ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ।

বিজ্ঞান শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ ৫৪২ জন পৰীক্ষাৰ্থী।

বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ ১৮,৪৪৩ গৰাকী পৰীক্ষাৰ্থী।

বাণিজ্য শাখাত ১১,১৮৯ জনে প্রথম বিভাগত উত্তীৰ্ণ।

বাণিজ্য শাখাত ৫,৪৯৭ জন দ্বিতীয় বিভাগত উত্তীৰ্ণ।

বাণিজ্য শাখাত ১,৬৭৮ জন পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ।

কলা শাখাত মাজুলীত সৰ্বাধিক ৯৯.৯১% পৰীক্ষাৰ্থী উত্তীৰ্ণ।

বিজ্ঞান শাখাত ডিমা হাচাওত ১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণ।

বাণিজ্য শাখাত ১৩ খন জিলাত ১০০% শিক্ষাৰ্থী উত্তীৰ্ণ।

জিলা কেইখন হৈছে- বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, নলবাৰী, দক্ষিণ শালমাৰা, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং জিলা।

Leave a Comment