২০২২ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা।
৩গৰাকী বিজ্ঞানীলৈ ২০২২ৰ ৰসায়ন বিজ্ঞানৰ ন’বেল।
কেৰ’লিন আৰ বেৰ্ট’জি, ম’ৰ্টেন মেলডেল, কে বেৰী ছাৰ্পলেছলৈ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান।
ৰসায়ন বিজ্ঞানত গৱেষণাৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকলৈ এই বঁটা প্ৰদানৰ ঘোষণা কৰা হৈছে।
ৰয়েল ছুইডিছ একাডেমী অব ছাইন্সে ঘোষণা কৰিলে এই বঁটা।
Nobel Prize in Chemistry jointly awarded to Carolyn R. Bertozzi, Morten Meldal and K. Barry Sharpless “for the development of click chemistry and bioorthogonal chemistry.” pic.twitter.com/isIRaFvxsH
— ANI (@ANI) October 5, 2022
তিনিওজনে লাভ কৰিব এক কোটি ছুইডেন ক্ৰ’নাৰ বা চাৰে সাত কোটি টকা। এই ধনৰাশি তিনিওজন বিজ্ঞানীৰ মাজত সমানে ভাগ কৰা হ’ব।
মন কৰিবলগীয়া যে বেৰী শ্বাৰপ্লেছে দ্বিতীয়বাৰৰ বাবে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰি এক নজিৰ গঢ়ি তুলিছে।
ইয়াৰ সৈতেই, দুটা ন’বেল বটা লাভ কৰা পঞ্চম গৰাকী ব্যক্তি হ’ল বেৰী শ্বাৰ্পলেছ আৰু ৰসায়ন বিজ্ঞানত দুটা ন’বেল বটা লাভ কৰা একমাত্ৰ ব্যক্তি । ইয়াৰ পূৰ্বে, ২০১০ বৰ্ষত ন’বেল বটা লাভ কৰিছিল বেৰী শ্বাৰ্পলেছে