ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিপিন কলিতা…

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী।

বাক্সা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিপিন কলিতাক গ্ৰেপ্তাৰ।

G8 4
ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিপিন কলিতা... 4

জানিব পৰা মতে, বাক্সা জিলা স্বাস্থ্য বিভাগৰ উচ্চবৰ্গৰ সহায়ক বিপিন কলিতাই পেন্সনৰ কামৰ বাবে নীলিমা ভূঞা নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা ৫,০০০ টকা দাবী কৰিছিল।

দাবী কৰা ধন লোৱাৰ সময়তে হাতেলোটে ধৰা পৰে বিপিন কলিতা নামৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীগৰাকী।

বৰমা বৰঝাৰৰ বিপিন কলিতাৰ নিজা বাসগৃহত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই তালাচী কৰাৰ অন্তত অভিযানকাৰী দলটোৱে মুছলপুৰৰ জিলা কেন্দ্ৰত উপস্থিত হয়।

বিপিন কলিতাক দুৰ্নীতি নিবাৰক শাখাই প্রায় তিনি ঘণ্টা ধৰি মাৰাথন জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ নিয়ে।

image 197
ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিপিন কলিতা... 5

অৱশ্যে দুর্নীতি নিবাৰক শাখাৰ বিষয়াই তদন্তৰ খাতিৰত এতিয়াও মুখ খোলা নাই যদিও ঘোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা বুলি সদৰী কৰে।

নীলিমা ভূঞা নামৰ অৱসৰপ্ৰাপ্ত নাৰ্ছৰ পৰা পেন্সনৰ কাম কৰাৰ বাবদ ৫ হাজাৰ টকা দাবী কৰিছিল বিপিন কলিতাই।

লগতে চাওকঃ

অনুমতি অবিহনে বহিঃৰাজ্যত প্ৰমােদ ভ্ৰমণলৈ গৈ চাকৰিৰ পৰা নিলম্বিত হ’ল এইখন জিলাৰ ডিটিঅ’…

G01 2
ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিপিন কলিতা... 6