ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ৩ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ জামিন লাভ

নিউজ ডেস্কঃ চৰকাৰী মোটা অংকৰ দৰমহা লাভ কৰিও অধিক লালসাত সাধাৰণ জনতাৰ পৰা ঘোচ লৈ হাটে লোটে গ্ৰেপ্তাৰ হোৱা তিনি দুৰ্নীতিগ্ৰস্ত বিষয়াই অৱশেষত লাভ কৰিলে জামিন।

মৰিগাঁও জিলাৰ আবকাৰী বিষয়া বৰষা বৰা বৰদলৈৰ লগতে তামুলপুৰৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী গোপীনাথ দাস আৰু মণ্ডল লাচিত ফুকনে জামিন লাভ কৰি ওলাই আহিল মুকলি আকাশৰ তললৈ।

3 jamin
ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ৩ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ জামিন লাভ 2

উল্লেখ্য যে, ২৯ জুলাইত জাগীৰোডৰ এজন ব্যৱসায়ীৰ পৰা দাবী কৰা এক লাখ টকাৰ প্ৰথম কিস্তিৰ ২০ হাজাৰ টকাৰ ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে কৰায়ত্ত কৰিছিল দুৰ্নীতিগ্ৰস্ত আবকাৰী বিষয়া বৰষা বৰা বৰদলৈক। চাকৰিৰ অৱসৰলৈ মাজত আৰু কেইটামান মাহ বাকী থকা অৱস্থাত এনেদৰে ঘোচ লৈ ধৰা পৰিছিল বিষয়াগৰাকী।

সেইদৰে ১১ আগষ্টত ঘোচ লোৱাৰ সময়তে হাটে লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল তামুলপুৰৰ উপ-পঞ্জীয়ক কাৰ্যালয়ৰ কৰ্মচাৰী গোপীনাথ দাস।