ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী…

ৰাজ্যত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন।

যাৰ পৰিণতিত বিগত সময়ত ঘোচ লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া আৰু কৰ্মচাৰী।

শেহতীয়াকৈ ঘোচ লৈ বুধবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া।

image 125
ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী... 4

ৰাণী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী গ্ৰেপ্তাৰ।

LPC আৰু চাৰ্ভিচ বুক নিৰীক্ষণৰ নামত ধনদাবী কৰিছিল লাচিত বসুমতাৰীয়ে।

নগদ চাৰি হাজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে বিষয়াগৰাকী।

image 123
ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী... 5

লগতে শিক্ষা বিষয়া লাচিত বসুমতাৰীৰ বলেৰ’ বাহনৰ পৰা ভিজিলেন্সে জব্দ কৰে নগদ ১ লাখ টকা।

image 124
ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী... 6

কাৰ্যালয়ৰ বাহিৰত ৰখাই থোৱা তেওঁৰ বলেৰ’ বাহনৰ পৰা ১ লাখ টকা উদ্ধাৰ কৰাৰ লগতে বিষয়াগৰাকী বাসগৃহতো সন্ধান চলি আছে বুলি জানিব পৰা গৈছে।

চৰকাৰী কাম কৰাৰ বাবদ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰা হয় দুৰ্নীতিগ্ৰস্ত বিষয়াজনক।

লাচিত বসুমতাৰী হৈছে ঘোচ লৈ এমাহতে গ্ৰেপ্তাৰ হোৱা একাদশজন চৰকাৰী কৰ্মচাৰী।