অসম
ঘোচ খোৱাৰ অঘোষিত প্ৰতিযোগিতা! ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ লাট মণ্ডল হৰি প্ৰসাদ দাস…

ৰাজ্যত যেন চলিছে ঘোচ খোৱাৰ অঘোষিত প্ৰতিযোগিতা।
প্ৰায় প্ৰতিদিনে ঘোচ লৈ গ্ৰেপ্তাৰ হৈছে চৰকাৰী বিষয়া।
বৃহস্পতিবাৰে পুনৰ ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল এগৰাকী লাট মণ্ডল।
উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত হাতে লোটে গ্ৰেপ্তাৰ হয় লাট মণ্ডল শ্ৰী হৰি প্ৰসাদ দাসক।
চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰৰ লাট মণ্ডল শ্ৰী হৰি প্ৰসাদ দাসক।
উল্লেখ্য যে, বুধবাৰেও কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ এগৰাকী লাট মণ্ডল ঘোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে।
লাট মণ্ডল মদন কুমাৰ নাথক গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।
উল্লেখ্য যে, যোৱা এটা সপ্তাহতে ঘোচ লৈ ধৰা পৰা হৰি প্ৰসাদ দাস ষষ্ঠজন চৰকাৰী কৰ্মচাৰী।