ঘূৰ্ণী বতাহ টাউতেৰ প্ৰকোপত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ বিস্তৰ ক্ষতিসাধন

May 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আৰৱ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণী বতাহ টাউতেই লৈছে বিধ্বংসী ৰূপ। বিশেষকৈ গোৱা, গুজৰাট আৰু মহাৰাষ্ট্ৰত চলিছে ইয়াৰ ধ্বংসলীলা।

গোৱাত বিদ্যুৎ সংযোগ ব্যৱস্থা প্ৰায় ক্ষতিগ্ৰস্ত হৈছে। ২০০-৩০০ বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰ হৈছে ক্ষতিগ্ৰস্ত।

গুজৰাটতো চলিছে টাউতেৰ ধ্বংস যজ্ঞ। প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰিছে গুজৰাটত।

বিপদসংকুল ঠাইৰ পৰা প্ৰায় ২ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে প্ৰশাসনে। দ্ৰুতবেগী ঘূৰ্ণী বতাহত মহাৰাষ্ট্ৰত বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে ৬ জনে।

ইয়াৰোপৰি এই বতাহত ধ্বংস হৈছে মুম্বাইৰ ৱাংখেড়ে ক্ৰিকেট ষ্টেডিয়াম। ৱাংখেড়ে ষ্টেডিয়ামৰ এটা ষ্টেণ্ড আৰু চাইড স্ক্ৰীন সম্পূৰ্ণ ৰূপে ধ্বংস হৈছে।

উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত ভাৰতৰ পূব আৰু মধ্য অংশত হৈছে প্ৰৱল বৃষ্টিপাত। মহাৰাষ্ট্ৰত অত্যাধিক বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান বিভাগে।