ঘােচ লৈ গ্ৰেপ্তাৰ মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ

নিউজ ডেস্ক। ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে পুনৰ সফল অভিযান দুৰ্নীতি নিবাৰক শাখাৰ।

এইবাৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ লগতে মৰিগাঁও আৰক্ষীয়ে উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত হাতে-লােটে ধৰে মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈক।

G1 7
ঘােচ লৈ গ্ৰেপ্তাৰ মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক বৰষা বৰা বৰদলৈ 2

জানিব পৰা মতে, ২০ হাজাৰ টকা উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী।

মৰিগাঁৱৰ পালিগুৰিৰ এখন বাৰৰ পৰা লৈছিল উৎকোচ।

দুৰ্নীতি নিবাৰকৰ অভিযান এতিয়াও অব্যাহত আছে। বিষয়াগৰাকীক অবৈধ ধনৰ সন্ধান বিচাৰি অধিক জেৰা চলােৱাৰ সম্ভাৱনা আছে।

এই সন্দৰ্ভত টুইট কৰি সতৰ্কতা আৰু দুৰ্নীতি নিবাৰকৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয়, ‘চৰকাৰী বিষয়াসকলৰ মাজত দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত আছে। সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ লগতে মৰিগাঁও আৰক্ষী উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত মৰিগাঁৱৰ জিলা আবকাৰী অধীক্ষক শ্ৰীমতী বৰষা বৰা বৰদলৈক গ্ৰেপ্তাৰ কৰে। বৈধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’