fbpx
অসম

ঘাইপথ নিৰ্মাণৰ নামত কেলেংকাৰিঃ গুৱাহাটীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত একেসময়তে চলিল CBIৰ অভিযান

দেশৰ বিভিন্ন প্ৰান্তত একে সময়তে CBIৰ অভিযান।

শিলচৰ, শ্বিলং, গুৱাহাটী, গুৰুগ্ৰাম, বাংগালুৰুত অভিযান CBIৰ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কামৰ ক্ষেত্ৰত হোৱা বিত্তীয় খেলিমেলিক লৈ এই অভিযান।

এই অভইযানৰ পিছতেই ৰাষ্ট্ৰীয় ঘইপথ নিৰ্মাণৰ বিভিন্ন কেলংকাৰীত জড়িত কেইবাজনো বিষয়া তথা কৰ্মচাৰীক চি বি আইয়ে আটক কৰিছে।

অসম-মেঘালয় আৰু মিজোৰামৰ ঘাইপথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰি। ২০০৮ৰ পৰা ১০ৰ ভিতৰত সংঘটিত হৈছিল কেলেংকাৰি।

প্ৰাথমিক তদন্তত নাম সাঙোৰ খাইছে NHAIৰ বিষয়াৰ।

আনহাতে গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষৰ কাৰ্যালয় আৰু জি আৰ ইনফ্রা নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ কাৰ্যালয়টো চলোৱা হয় অভিযান।

এই অভিযান কালত ঘাইপথ কৰ্তৃপক্ষৰ ২ গৰাকী বিষয়াৰ লগতে জি আৰ ইনফ্রা নামৰ প্ৰতিষ্ঠানটোৰো ৩ গৰাকী বিষয়াক চি বি আইৰ দলে আটক কৰাৰ উপৰিও বহু সংখ্যক আপত্তিজনক নঠিপত্ৰ জব্দ কৰে।

আটক কৰা সকলৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ কণিষ্ঠ গাণনিক দীপক দাস, মনোজ কুমাৰ।

এওঁলোক দুজনৰ উপৰিও জি আৰ ইনফ্ৰা নামৰ প্ৰতিষ্ঠানটোৰ প্রকল্পৰ বিষয়া সুনিল আগৰৱালা, পংকজ চাৰন, দিলীপ ৰাজপুতকো আটক কৰিছে।

চি বি আইৰ দিল্লীৰ পৰা অহা দুটা দলে চলাইছিল অভিযান।

অসম আৰক্ষীৰ সহায় নোলোৱাকৈ নিজাববীয়াকৈ চি বি আয়ে চলাই এই অভিযান।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!