ঘন অৰণ্যত নিৰাপত্তাৰক্ষীৰে ভয়ংকৰ সংঘৰ্ষ! কমেও ৫ জন দুৰ্ধৰ্ষ মাওবাদী নিহত…

নিউজ ডেস্কঃ মাওবাদী বিৰোধী অভিযানত বৃহৎ সফলতা নিৰাপত্তাৰক্ষীৰ।

সোমবাৰে ঝাৰখণ্ডৰ চতৰা জিলাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত কমেও ৫ জন দুৰ্ধৰ্ষ মাওবাদী কেডাৰ।

ৰাজ্যৰ ৰাজধানী ৰাঁচীৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত্বত লাৱালং থানা এলেকাৰ চতৰা-পালামু সীমান্তত সংঘটিত হয় এই সংঘৰ্ষ।

চতৰাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰঞ্জনে জানিবলৈ দিয়া মতে, চতৰা-পালামু সীমান্তৰ অৰণ্যত মাওবাদীৰ দল আত্মগোপন কৰি থকাৰ গোপন খবৰৰ ভিত্তিত চলোৱা হয় অভিযান।

অভিযানৰ সময়ত মাওবাদীৰ দলটোৱে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত প্ৰত্যুত্তৰ দিয়ে নিৰাপত্তাৰক্ষীয়েও।

যাৰ ফলত কমেও ৫ জন মাওবাদী নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো গুলীবিদ্ধ হয়।

ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে গোলাবাৰুদৰ বিশাল ভাণ্ডাৰ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।