গৰ্ভৱতী হৈও কৰিছিল ক’ভিড ৰােগীৰ সেৱা, সন্তান প্ৰসৱৰ পিছত ঘটিল শােকাৱহ ঘটনা

May 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কোৰোনা কালত বহুতেই বহুতক কৰিছে সহায়। বিপদত সময়ত সাধ্য অনুসৰিয়েই ইজনে সিজনক সহায় কৰিবলৈ নামি পৰিছে। তাৰ মাজতে কিছুমান লোকে নিজৰ স্বাস্থ্যৰ কথা পাহৰিয়ো আনক কৰিছে সহায়।

বিশেষকৈ প্ৰথম শাৰীৰ যোদ্ধা হিচাপে বিবেচিত চিকিৎসা কৰ্মী সকলে কৰিছে অধিক কষ্ট।

এইবাৰ তেনে এগৰাকী যোদ্ধাই আনৰ বাবে উৎসৰ্গা কৰিলে নিজৰ জীৱন। মহিলাগৰাকীয়ে গৰ্ভৱতী অৱস্থাতো কৰ্তব্য পালন কৰিছিল কভিড ৰোগীৰ চিকিৎসাৰ বাবে।

ঘটনা অনুসৰি, ছত্তীশগড়ৰ কবীৰধাম জিলাৰ লিমু গাৱঁৰ প্ৰভা নামৰ নাৰ্ছ গৰাকীয়ে যোৱা বৰ্ষৰ ক’ভিড পৰিস্থিতিৰ মাজতে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছৰ পৰাই তেওঁ পুনৰ লাগি গৈছিল ক’ভিড ৰোগীৰ চিকিৎসা সেৱাত।

পৰৱৰ্তী সময়ত তেওঁ গৰ্ভৱতীয়ো হয়। তথাপিও কিন্তু তেওঁ ছুটী নলৈ অবিৰতভাৱে লাগি আছিল ক’ভিড ৰোগীৰ সেৱাত। তেনেদৰেই বিবাহৰ পিছৰে পৰা প্ৰসৱৰ দিনলৈকে তেওঁ কৰি গৈছিল নিজ কৰ্তব্য।

যোৱা ৩০ এপ্ৰিলত তেওঁৰ প্ৰসৱ যন্ত্ৰণা হোৱাৰ বাবে ভৰ্তি কৰোৱা হৈছিল কবীৰধামৰ এখন চিকিৎসালয়ত।

তেওঁ অস্ত্ৰোপ্ৰচাৰৰ জৰিয়তে জন্ম দিয়ে এটি কন্যা সন্তান। চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ত তেওঁৰ কেইবাবাৰো জ্বৰ হৈছিল। তথাপিও তেওঁৰ অৱস্থা সুস্থ দেখি চিকিৎসালয় কৰ্তৃপক্ষই তেঁওক প্ৰেৰণ কৰে ঘৰলৈ।

ঘৰলৈ অহাৰ পিছত তেওঁৰ অৱস্থা অতি শোচনীয় হৈ পৰে। সেয়েহে তেঁওৰ ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ। লগতে নৱজাতকটিৰ দেহটো ধৰা পৰে ক’ভিড পজিতিভ। লগে লগে দুয়োকে লৈ যোৱা হৈছিল চিকিৎসালয়লৈ।

দুয়োকে ৰখা হৈছিল পৃথকে। কিন্তু ২১ মে’ত মাতৃৰ দেহত অক্সিজেন কমি অৱস্থা সংকটজনক হৈ অৱশেষত মৃত্যু হয়। অৱশ্যে শিশুটি আৰোগ্য হৈ উঠে। নাৰ্ছ গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে গাঁওখনত।

নাৰ্ছ গৰাকীৰ স্বামী ভেষ কুমাৰে কয় যে, গৰ্ভৱতী হোৱাৰ পিছত তেওঁক ছুটী লবলৈ কোৱা হৈছিল যদিও তেওঁ ইচ্ছা কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ কৈছিল যে ছুটী লৈ ঘৰত আমনি পোৱাতকৈ ৰোগীক সেৱা কৰি থাকিলেই ভাল লাগিব। সেই অনুসাৰে তেওঁ গৰ্ভৱতী অৱস্থাৰে ৯ মাহ দিন কৰ্তব্য সম্পাদন কৰে আৰু অস্ত্ৰোপ্ৰচাৰেৰে এটি কন্যা সন্তান জন্ম দি তেওঁৰ মৃত্যু হয়।

লগতে চাওকঃ

নৱজাতকক লৈ তীব্ৰ কৌতূহল, মুখত দেখা গ‘ল ৩২ টা দাঁত!

গাই গৰুৱে জন্ম দিলে দুই মুখ, দুখন কান আৰু চাৰি চকুৰ পোৱালি! তীব্ৰ কৌতূহল