অসম
গৰু সৰবৰাহৰ নতুন কৌশল! আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি কন্টেইনাৰ, ৫জনক গ্ৰেপ্তাৰ…

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহৰ ঘটনা।
চৰকাৰে কঠোৰ পদক্ষেপৰ মাজতে ৰাজ্যজুৰি চলি আছে অবৈধ গো-ধন সৰবৰাহ।
খোদ মহানগৰীৰ যোৰাবাট, সোণাপুৰ আৰু ক্ষেত্ৰী আৰক্ষী এই পৰ্যন্ত জব্দ কৰিছে প্ৰায় দুই শতাধিক অবৈধভাৱে সৰবৰাহ কৰা গো-ধন, ৰুজু হৈছে কেইবাটাও গোচৰ।
এইবাৰ কন্টেইনাৰত অবৈধভাৱে সৰবৰাহ কৰা ৩৫ টাকৈ গো-ধন সোণাপুৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
সোণাপুৰ আৰক্ষীৰ এটা তহলদাৰী দলে পুৱতি নিশা টোলগেটৰ সমীপত এখন গৰুভৰ্তি কণ্টেইনাৰ পৰা বাহনখন জব্দ কৰে।
ধেমাজিৰ পৰা মেঘালয়লৈ চোৰাংকৈ অনা হৈছিল গৰু কেইটা।
জব্দকৃত কন্টেইনাৰখনৰ নম্বৰ AS 01 LC 9178 লগতে AS01 DG 6995 নম্বৰৰ এল্টো বাহনো জব্দ কৰে আৰক্ষীয়ে।
এই সন্দৰ্ভত ৫ জনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।