
নিউজ ডেস্কঃ ৰাজ্যত গৰু-ম’হৰ চোৰাং সৰবৰাহক লৈ আৰক্ষী-প্ৰশাসন ব্যস্ত থকাৰ সময়তে এইবাৰ আৰম্ভ হৈছে কুকুৰুৰ চোৰাং সৰবৰাহ। বাটৰ কুকুৰত খাদ্যৰ লগত নিচাজাতীয় সামগ্ৰী মিহলাই খুৱাই অচেতন কৰি গোপনে বহিঃৰাজ্যলৈ সৰবৰাহ কৰি ধন ঘটাৰ সহজ কৌশল অৱলম্বন কৰি আহিছে একাংশই।
শেহতীয়াকৈ জাগীৰোডত এনেদৰে বাটৰ কুকুৰ ধৰি সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে গাওৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰে দুজন যুৱকক।
জানিব পৰা মতে, মঙলবাৰে নিশা জাগীৰোডৰ নেতাজী নগৰত পহৰা দি থকা গাঁওৰক্ষী বাহিনীয়ে দুজন যুৱকক দুটা কুকুৰ বস্তাত ভৰাই সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে কৰায়ত্ব কৰে।

ধৃত যুৱক দুজনক গাঁওৰক্ষী বাহিনীয়ে সোধা-পোছা কৰাত দুয়ো স্বীকাৰ কৰে যে বাটৰ কুকুৰ ধৰি দুয়ো ডিমাপুৰলৈ সৰবৰাহ কৰিব বিচাৰিছিল। ইয়াৰ বিনিময়ত প্ৰতিটো কুকুৰৰ বাবদ ১৫০০ৰ পৰা ২০০০ পৰ্যন্ত টকা লাভ কৰা বুলিও গাঁওৰক্ষী বাহিনীৰ সন্মুখত স্বীকাৰ কৰে ধৃত যুৱক দুজনে।
ইফালে পৰৱৰ্তী সময়ত দুয়োজন যুৱকক আৰক্ষীৰ হাতত চমজাই দিয়ে গাঁওৰক্ষী বাহিনীয়ে। যুৱক দুজনে স্বীকাৰ কৰা মতে, তেওঁলোকে খাদ্যৰ সৈতে নিচাজাতীয় দ্ৰব্য মিহলাই পথৰ কুকুৰক খাবলৈ দিয়ে। যেতিয়া সেই খাদ্য খাই কুকুৰ অচেতন হৈ পৰে, তেতিয়াই বস্তাত ভৰাই বহিঃৰাজ্যলৈ সৰবৰাহ কৰে।
এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ অহাৰ পিছতে জাগীৰোডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।