গৰু-ম’হৰ চোৰাং সৰবৰাহৰে ধনী হোৱা গো মাফিয়া গব্বৰ সিঙৰ কোটি টকা মূল্যৰ সম্পত্তি বাজেয়াপ্ত

নিউজ ডেস্কঃ বাংলাদেশলৈ চোৰাং গো সৰবৰাহৰে অবৈধ সম্পত্তিৰ পাহাৰ গঢ়া ধৃত গো মাফিয়া ছামচুল হক ওৰফে গব্বৰ সিঙৰ সম্পত্তি জব্দ কৰে ধুবুৰী আৰক্ষীয়ে।

গৌৰীপুৰ থানাত ৰুজু কৰা এটা গোচৰ সংক্ৰান্তত আৰক্ষীয়ে গো মাফিয়াজনৰ ১ কোটি, ২ লাখ, ১২০০ টকা মূলৰ সম্পত্তি জব্দ কৰে।

আৰক্ষীয়ে সদৰী কৰা মতে, ছামচুল হক ওৰফে গব্বৰ সিঙৰ ৫ স্থানত থকা মাটি-বাৰী আৰু দুটাকৈ বেংক একাউণ্টসহ এই সম্পত্তি বাজেয়াপ্ত কৰা হয়।

গৰু-ম’হৰ চোৰাং সৰবৰাহ কৰি যোৱা ৬ বছৰত এই বিশাল সম্পত্তি গব্বৰ সিঙে গঢ়িছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

msg496020634 11848
গৰু-ম’হৰ চোৰাং সৰবৰাহৰে ধনী হোৱা গো মাফিয়া গব্বৰ সিঙৰ কোটি টকা মূল্যৰ সম্পত্তি বাজেয়াপ্ত 2

উল্লেখ্য যে, যোৱা ২ জুলাইত ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋতুৰাজ নাথৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গৌৰীপুৰ থানাৰ অন্তৰ্গত কাঠলেৰ তল বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ছামচুল হক ওৰফে গব্বৰ সিঙক।

গো মাফিয়াজনৰ বিৰুদ্ধে গৌৰীপুৰ থানাত ১৮২/২০২২ নম্বৰৰ এটি গোচৰো ৰুজু হৈ আছে। বর্তমানে গো-মাফিয়া গব্বৰ সিং ধুবুৰী জিলা কাৰাগাৰত আছে।

আনহাতে কিছুদিন পূৰ্বে ধুবুৰীৰ গোলকগঞ্জ থানাৰ এটা গোচৰ সংক্ৰান্তত নজৰুল হক নামৰ গো-মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ পিচতে আৰক্ষীয়ে অভিযুক্তজনৰ ৬৬ লাখ টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল।