
নিউজ ডেস্ক। এখন গৰুভৰ্তি বাহনত নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় ৪ জন লোকে। দুৰ্ঘটনাটোত আন ৩ জন লোক আহত হোৱাৰ লগতে মৃত্যু ঘটে ১৩টা গৰুৰো।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ ৰায়বাঘিনী ছেক্সনত। বুধবাৰে পুৱা সংঘটিত হোৱা ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনা সৃষ্টি হয়। ইতিমধ্যে আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে, বুধবাৰে পুৱা গৰু ভৰ্তি এখন বাহন বিষ্ণুপুৰৰ পৰা আৰামবাগ অভিমুখে গৈ আছিল।
বাটত কোতুলপুৰ আৰক্ষী থানাৰ ৰায়বাঘিনী ছেক্সনত বাহনখনৰ এটা চকা বিস্ফোৰণ ঘটে। তাৰ পিছত চকা সলনি কৰিবলৈ ৰাস্তাৰ এফালে বাহনখন ৰখাই থোৱা হয়।
স্থানীয় সূত্ৰৰ মতে, সেই সময়ত আৰামবাগ অভিমুখে গৈ থকা এখন ডাম্পাৰে তীব্ৰ বেগেৰে আহি পাছফালৰ পৰা ৰখাই থোৱা গাড়ীখনত খুন্দা মাৰে। দুখন বাহনৰ গুৰুতৰ ক্ষতিসাধন হয়।
ইফালে স্থানীয় ৰাইজে তীব্ৰ শব্দ শুনা পাই ঘটনাস্থলীত উপস্থিত হয়।
প্ৰথমে অঞ্চলটোৰ বাসিন্দাসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু একে সময়তে আৰক্ষীকো দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰা হয়।
জানিব পৰা মতে, ডাম্পাৰৰ পৰা ৩ জন লোক আৰু গৰু ভৰ্তি ল’ৰিখনৰ এজন লোকৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আহত হৈছে আৰু ৩ জন লোক। আহত সকলক উদ্ধাৰ কৰি কোতুলপুৰৰ এখন হাস্পতাললৈ লৈ যোৱা হয়। তাৰ পৰা তেওঁলোকক আৰমবাঘলৈ প্ৰেৰণ কৰা হ’ল।
আহত এজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰা হৈছে।
আৰক্ষীৰ মতে, প্ৰাৰম্ভিক হিচাপ অনুসৰি ডাম্পাৰখনে তীব্ৰ গতিবেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনত খুন্দা মাৰে। অৱশ্যে দুৰ্ঘটনা কেনেকৈ সংঘটিত হবলৈ পালে সেই বিষয়ে তদন্ত কৰা হ’ব।
একে সময়তে মৃত আৰু আহতসকলক অতি শীঘ্ৰে চিনাক্ত কৰাৰ প্ৰয়াস কৰা হৈছে।