অসম

গৰুখুটি প্ৰকল্পৰ বাবে কাইলৈ গুজৰাটৰ পৰা অসমলৈ অনা হ’ব ১০৮জনী গীৰ গাই…

বুধবাৰে গুজৰাটৰ পৰা গৰুখুঁটি পাবহি ১০৮ জনী গীৰ গাই।

দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য লৈ অসম চৰকাৰে অসমলৈ আনিব গীৰ প্ৰজাতিৰ গাই।

দৰং জিলাৰ গৰুখুঁটি অঞ্চলৰ পৰা অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৰুখুঁটিত কৃষি প্ৰকল্প স্থাপনৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল।

এই কৃষি পামক পূৰ্ণ পৰ্যায়ৰ ৰূপ দিবলৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান কৰি দায়িত্ব অৰ্পণ কৰা হৈছিল।

সেই উপলক্ষে ২৪ নৱেম্বৰ ২০২১, বুধবাৰে অসম পাবহি ১০৮ জনী গীৰ প্ৰজাতিৰ গাই।

গৰুখুঁটি কৃষি পামৰ পৰা বৰ্তমান ৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ’ব কৃষি বিপ্লৱৰ। 

দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ হৈছে কৃষি বিপ্লৱ। মাহ, সৰিয়হ, গোমধান, শাক-পাচলি উৎপাদনৰ কাম আৰম্ভ হৈছে গৰুখুটিত।

এই সন্দৰ্ভত পদ্ম হাজৰিকাই কয়- এই গৰুখুটি প্ৰকল্পতে মাছ, মাংস, কণী, হাহ, কুকুৰা,পাৰ, গাহৰি সকলো হ’ব উপলব্ধ। বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব হস্ততাত প্ৰকল্পও। দখল কৰিব লাগিব আমাৰ খিলঞ্জীয়াই পথাৰ-বজাৰ।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button