গৰুখুটি ঘটনা সন্দৰ্ভত তদন্ত আয়োগৰ মুকলি শুনানি গ্ৰহণ…

বুধবাৰে মঙলদৈত গৰুখুটিৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আয়োগৰ মুকলি শুনানি গ্ৰহণ কৰা হয়।

মঙলদৈ আৱৰ্ত ভৱনত সাক্ষ্য প্ৰদানৰ দ্বিতীয় দিন।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালাৰ সন্মুখত লিখিত সাক্ষ্য প্ৰদান কৰিছে ৰাজ্যৰ ২১ গৰাকী লোকে।

ইয়াৰোপৰি, ৰাজ্যৰ চাৰিটা সংগঠনেও গৰুখুটি ঘটনা সন্দৰ্ভত তদন্ত আয়োগৰ সন্মুখত লিখিত সাক্ষ্য দাখিল কৰে।

উল্লেখ্য যে, বিগত বৰ্ষৰ ২৩ ছেপ্তেম্বৰৰ দিনাখন গৰুখুটিৰ চৰকাৰী ভূমিৰ পৰা একাংশ বেদখলকাৰীক উচ্ছেদ কৰাৰ সময়ত সৃষ্টি হৈছিল অনাকাংক্ষিত ঘটনাৰ।

উক্ত ঘটনাৰ ওপৰত অসম চৰকাৰে ঘোষণা কৰা তদন্তৰ দুই পক্ষৰ সাক্ষী গ্ৰহণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি ডি আগৰৱালাৰ অধ্যক্ষতাত এজনীয়া তদন্ত আয়োগে পুনৰ দৰং জিলাত উপস্থিত হয় শুনানি গ্ৰহণ কৰে।

মঙলদৈ আৱৰ্ত ভৱনত অনুষ্ঠিত মুকলি শুনানিত আয়োগে জিলা প্ৰশাসন তথা আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ ভাষ্য গ্ৰহণ কৰাৰ উপৰিও ওপৰোক্ত ঘটনাত মৃত্যু হোৱা আৰু আঘাতপ্ৰাপ্ত ব্যক্তি সকলৰ নিকটাত্মীয়সকলৰ ঘটনা সন্দৰ্ভত তেওঁলোকৰ লিখিত অভিযোগ সমূহ গ্ৰহণ কৰে।

ইপিনে, তদন্ত আয়োগৰ মুকলি সাক্ষ্য গ্ৰহণৰ সময়ত গৰুখুটি কৃষি প্ৰকল্পৰ ৭৭,৪২০ বিঘা সমুদায় মাটি বেদখল মুক্ত হোৱা নাই বুলি সংগ্ৰামী সতীৰ্থ মঞ্চই উল্লেখ কৰি শীঘ্ৰেই উক্ত ভূমি বেদখল মুক্ত কৰিবলৈ আহ্বান জনায়।

Leave a Comment