গৰুখুটিৰ উচ্ছেদিতক পুনৰ সংস্থাপন! ২০৫১ টা পৰিয়ালক ৰাজ্য চৰকাৰে দিব ১ বিঘাকৈ ভূমি…

গৰুখুটিৰ উচ্ছেদিতক পুনৰ সংস্থাপন কৰিব ৰাজ্য চৰকাৰে।

দলগাওঁ ৰাজহ চক্ৰৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি দৰং জিলাৰ উপাযুক্তই অৱগত কৰিছে যে ২১ আৰু ২৩ ছেপ্টেম্বৰত গৰুখুঁটিৰ উচ্ছেদিত লোকসকলৰ লগতে যিসকলক পৰিয়াল গৰুখুঁটি প্ৰকল্পৰ কাষত এতিয়াও আছে তেওঁলোকক দলগাঁৱলৈ স্থানান্তৰ কৰা হ’ব।

দলগাঁৱতে সংস্থাপিত কৰা হ’ব উচ্ছেদিত লোক সকলক।

বিবৃতিটোত কোৱা অনুসৰি, ২০৫১ টা পৰিয়ালক দলগাঁও ৰাজহ চক্ৰলৈ স্থানান্তৰ কৰা হ’ব।

লগতে কোৱা হৈছে যে ২০৫১ টা পৰিয়ালৰ ভিতৰত ৬৩৩ টা পৰিয়ালক প্ৰথম পৰ্যায়ত স্থানান্তৰ কৰা হ’ব আৰু আনবোৰ পৰৱৰ্তী পৰ্যায়ত স্থানান্তৰ কৰা হ’ব।

৬৩৩ টা পৰিয়ালৰ ভিতৰত নিজ-শালমাৰা (এটা অংশ) আৰু ১ নং ধলপুৰ ( এটা অংশ)ত থকা ৪২৩ টা পৰিয়ালক আৰম্ভণিতে স্থানান্তৰ কৰা হ’ব আৰু ২১০ টা পৰিয়াল যিয়ে স্বেচ্ছাই গৰুখুঁটি ত্যাগ কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ সোঁতৰ দক্ষিণ পাৰত বাস কৰি আছে তেওঁলোকক ৪২৩ টা পৰিয়াল সংস্থাপিত কৰাৰ পিছতে তাৎক্ষণিকভাৱে স্থানান্তৰ কৰি সংস্থাপিত কৰা হ’ব।

বিবৃতিটোৰ অনুসৰি ২০৫১ টা পৰিয়ালৰ বাবে চৰকাৰে ২০৫১ বিঘা ভূমি আবণ্টন দিব।

প্ৰতিটো পৰিয়ালকে ১ বিঘাকৈ ভূমি দিয়া হ’ব।

Leave a Comment