গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ আঁৰত জড়িত আছে পি এফ আইঃ মুখ্যমন্ত্ৰী…

গৰুখুঁটিৰ উচ্ছেদৰ ঘটনাক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে উত্তেজনা।

উচ্ছেদৰ ঘটনাক লৈ তীব্ৰ সমালোচনাৰ সন্মুখিন হৈছে চৰকাৰ কিম্বা প্ৰশাসন।

কিন্তু বিৰোধীৰ সমালোচনাক কেৰেপ কৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ আঁৰত প’পুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ পি এফ আই পি এফ আই জড়িত আছে বুলি বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

আৰক্ষীৰ তদন্ত আৰু চোৰাংচোৱাৰ তথ্যত পোহৰলৈ এই তথ্য পোহৰলৈ অহাৰ কথা সদৰি কৰিছে শৰ্মাই।

ছিপাঝাৰৰ গৰুখুঁটিৰ হিংসাত্মক ঘটনাৰ আঁৰত থকা ৬ জন ব্যক্তিক চিনাক্ত কৰাৰ লগতে চৰকাৰে ঘোষণা কৰা তদন্তত সকলো স্পষ্ট হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।

ইফালে যোৱা তিনি মাহত উচ্ছেদিত অঞ্চলটোত বেদখলকাৰীসকলৰ পৰা এটা সংগঠনে ২৮ লাখৰো অধিক ধন সংগ্ৰহ কৰিছে বুলিও সদৰী কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, সকলোৰে আলোচনাৰ মৰ্মে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

পৰিস্থিতি স্বাভাৱিক থকাৰ পাছতো সেই দিনা ৬০ টা পৰিয়ালৰ বিপৰীতে কেনেকৈ আৰু কোনে ১০ হাজাৰ লোকক তাত সমবেত কৰিছিল এই বিষয়ে তদন্তত সবিশেষ ওলাব বুলিও সদৰী কৰে।

Leave a Comment