গৰুখুঁটিৰ ঘটনাৰ প্ৰতিবাদত AIUDF এৰিলে নাওবৈচাৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে…

গৰুখুঁটিৰ ঘটনাৰ প্ৰতিবাদ জনাই AIUDF এৰিলে দলটোৰ সাধাৰণ সম্পাদক মামুন ইমদাদুল হক চৌধুৰীয়ে।

নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল মামুন ইমদাদুল হক চৌধুৰী।

২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনত তেওঁক AIUDFএ দিয়া নাছিল প্ৰাৰ্থিত্ব।

পদত্যাগ পত্ৰত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক কঠোৰ সমালচনা প্ৰাক্তন বিধায়ক গৰাকীৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি দলৰ পৰা পদত্যাগ কৰিলে মামুন ইমদাদুলে।

দলৰ সকলো পদবী আৰু প্ৰাথমিক সদস্য পদো ত্যাগ কৰে তেওঁ।

এই সন্দৰ্ভত তেওঁ আজমললৈ এখন পত্ৰ লিখিছে-

মাননীয় সভাপতি মহোদয়,
AIUDF
তাৰিখ-২৪-০৯-২০২১
দৌলতপুৰ,
উত্তৰ লক্ষীমপুৰ,
লক্ষীমপুৰ
বিষয়-পদত্যাগ পত্ৰ।

মহাশয়,
আশাকৰো ভালে কুশলে আছে। অৱশ্যে, অহৰহ ‘বাতানুকুল’ পৰিৱেশত থকা হেতুকে কুশলে নথকাৰ নিশ্চয় কাৰণ নাই ! অৱশ্যে আমি সাধাৰণ মানুহ বোৰ বিগত কেইদিনমান ৰ অসমৰ পৰিৱেশ চাই মানসিক অশান্তি ত ভুগি আছো।

নিজৰ যুৱ কালছোৱা – জীৱন গঢ়াৰ সময় ছোৱা দল গঢ়াত পাৰ কৰিছো। দলে মোৰ সৈতে যোৱা বিধান সভাৰ নিৰ্বাচন ত কি কৰিলে সেই সম্পৰ্কে সমগ্ৰ অসমবাসী অৱগত। প্ৰয়াস আছিল সংখ্যা গুৰুৰ সৈতে সংখ্যালঘু ৰ সন্মানজনক শান্তি পূৰ্ণ সহৱস্থানৰ আৰু সেই মতেই সকলো কৰাৰ বাবে নিজকে সমৰ্পণ কৰি দিছিলো। মোক সহযোগ কৰাৰ সলনি ৰাজনৈতিক ভাৱে হত্যা কৰা হ’ল।তথাপিও ধৈৰ্য্য ধৰি আছিলোঁ। কিয়নো, মোৰ দৰে সাধাৰণ মানুহ এজন বিধায়িনী ব্যৱস্থাত থকা নথকা লৈ কাৰো একো আহে নাযায়! কিন্তু, দুটামান দিন ধৰি উচ্ছেদ ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিৱেশে মনটো বুজাব নোৱাৰা কৈ অশান্ত কৰি তুলিছে। উচ্ছেদ এক চৰকাৰী প্ৰক্ৰিয়া।তাত নিশ্চিত ভাৱে চৰকাৰৰ নীতি-নিয়ম আছে। আমি বিধায়ক হৈ থকা কালছোৱাত এই ছিপাঝাৰতেই উচ্ছেদ হৈছিল। উচ্ছেদ হৈছিল আমচাং, চ’তিয়া আদি অঞ্চলত। আমি প্ৰশাসন ৰ সৈতে বহি কোনো অপ্ৰীতিকৰ ঘটনা যাতে নহয় তাৰ বাবে প্ৰয়াস কৰিছিলো। সফলো হৈছিলো। চৰকাৰী ভুমি দখল যেনেকৈ আমি সমৰ্থন নকৰো ঠিক তেনেকৈ উচ্ছেদ ৰ নামত অমানৱীয় অত্যাচাৰো আমি সমৰ্থন কৰিব নোৱাৰো। কিন্তু, এইবাৰ দলে এনে কৰা দেখা নগ’ল।নিহত ব্যক্তি ৰ ওপৰত লাঠিৰ কোব ! মৃতদেহ ৰ ওপৰত অমানুষিক অত্যাচাৰ। এইবোৰ আমাৰ জীৱন কালত আমি দেখাতো বাদেই দিয়ক শুনাও নাই। কিন্তু, এইবাৰ এইবোৰ দেখা ৰ দুৰ্ভাগ্য হ’ল।মৃত দেহৰ ওপৰত কেমেৰামেনজনে মৰা প্ৰচণ্ড লাথটো মোৰ কলিজাত লাগিছে। কি আসুৰিক উল্লাস! আমি আশাকৰো এনে দুৰ্ঘটনাবোৰৰ যাতে কোনো কালেই পুনৰাবৃত্তি নহয়।
এই সমগ্ৰ প্ৰক্ৰিয়াটোত দল এইবাৰ সাংঘাতিক ধৰণে নিৰৱ। আপোনাৰ তো দেখা- দেখিয়েই নাই। মাননীয় মুখ্যমন্ত্ৰী য়ে চৰকাৰ ৰ স্থিতি স্পষ্ট কৰাৰ সময় পায়। APCC ৰ সভাপতি য়ে তেওঁলোকৰ দলৰ স্থিতি স্পষ্ট কৰিবলৈ সময় পায়। প্ৰায় প্ৰতিটো দল- সংগঠনেই তেওঁলোকৰ নিজ নিজ স্থিতি প্ৰকাশ কৰিবলৈ সময় পায়। কিন্তু, আপুনি ইমানেই ব্যস্ত যে মানুহ ৰ এই বিপদ কালত আপোনাৰ স্থিতি কি সেই সম্পৰ্কে জনাবলৈ আপোনাৰ আহৰি নাই। সাধাৰণ মানুহৰ এই চৰম বিপদৰ মূহুৰ্তত দলৰ এনে ভাবিব নোৱাৰা নিৰৱতা মোৰ দৰে এজন সাধাৰণ মানুহৰ পক্ষে সহ্য কৰাৰ বাহিৰত। মোৰ অন্তৰাত্মাই আৰু এই দল কৰাৰ অনুমতি নিদিয়ে। চৰৰ মানুহ ক পাট্টা দিম বুলি কৈ দল কৰা আজি 15 বছৰ হ’ল ।মাটিৰ পাট্টা তো বাদেই দিয়ক। এতিয়া মানুহ ৰ জীৱন লৈ টনা -টনি। আমাৰ নিৰ্মোহ আত্মবিশ্লেষণ ৰ প্ৰয়োজন আছে – সভাপতি চাহাব! আকৌ কৈছো, নিৰ্মোহ আত্মবিশ্লেষণ ৰ প্ৰয়োজন। যিটো আপুনি কোনো দিনেই নকৰে। অন্ততঃ বিগত দেৰ দশকৰ অভিজ্ঞতাই আমাক তাকেই কয়।
সেয়ে, এই পত্ৰৰ যোগেদি মই দলৰ সাধাৰণ সম্পাদক পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰিছো। আজিৰ পৰা আৰু দলৰ সৈতে মোৰ কোনো ধৰণৰ সম্পৰ্ক নাথাকিব।- ইতি।

                                 মামুন ইমদাদুল হক চৌধুৰী ,অধিবক্তা
                                 প্ৰাক্তন বিধায়ক, নাওঁবৈছা।
                                 প্ৰাক্তন চীফ হুইপ, AIUDF বিধায়িনী দল 

বি:দ্ৰ: – পত্ৰ খন অসমীয়া পঢ়ি দিওঁতা দৰমহা ভুক্ত কৰ্মচাৰীৰ হতুৱাই নপঢ়াই নিজে পঢ়িলে ভাল পাম। কাৰণ,পত্ৰখন প্ৰেৰণ কৰা লৈকে মই এজন সাধাৰণ সম্পাদক আৰু এজন সাধাৰণ সম্পাদক হিচাপে সভাপতি ক এইষাৰ অনুৰোধ জনোৱা – আপোনাৰ ভাষাৰে মোৰ ” হক বনে “।কিয়নো আপুনি অসমীয়া পঢ়িব পৰা – নোৱাৰা ৰ সন্দেহ টো মোৰ এতিয়াও আতঁৰা নাই।

Leave a Comment